পানপুৰ আৰু গমিৰিপালৰ বিদ্যালয়ত বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ মননশীল অনুষ্ঠান

Sharing is caring!

 

পানপুৰ আৰু গমিৰিপালৰ বিদ্যালয়ত বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ মননশীল অনুষ্ঠান : ব্যতিক্ৰমী কুইজ প্ৰতিযোগিতা 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকৰ উদ্যোগত , বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল আৰু প্ৰকৃতি সংগঠন উপত্যকাৰ বিশেষ সহযোগত আজি পানপুৰ উচ্চ মাধ্যমিক বিদ্যালয় আৰু গমিৰিপালৰ শোনিত কোৱঁৰ গজেন বৰুৱা উচ্চ মাধ্যমিক বিদ্যলয়ত বন আৰু প্ৰকৃতি সংৰক্ষণৰ এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয় ৷ পুৱা পানপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰক্ষাগৃহত আয়োজিত আকৰ্ষনীয় এই অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশ্বনাথ বনসংমণ্ডলৰ সংমণ্ডল প্ৰাধিকাৰী মুকুট দাসে ৷ আদৰণী ভাষণ প্ৰদান কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিশ্ব হাজৰিকাই ৷ অনুষ্ঠানত বিদ্যালয়খনৰ সমুহ শিক্ষক শিক্ষয়ত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ উপৰিও বিশ্বনাথৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন বাবুলি হাজৰিকাইয়ো অংশ গ্ৰহন কৰে ৷ অনুষ্ঠানত আৰণ্যকৰ হৈ গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া গড়ঁ সম্পৰ্কত সচিত্ৰ উপস্থাপনেৰে গঁড় সংৰক্ষণৰ ওপৰত ছাত্ৰ ছাত্ৰীৰে মত বিনিময় কৰে ৷ অনুষ্ঠানত আৰণ্যকৰ উদ্যোগতে ছাত্ৰ ছাত্ৰীৰ মাজত বন আৰু বন্যপ্ৰাণী ওপৰত সচিত্ৰ কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ আৰণ্যক উদ্যোগত আয়োজিত এনে অনুষ্ঠানে ছাত্ৰ ছাত্ৰী সকলক উপকৃত কৰিব বুলি মন্তব্য কৰি প্ৰধান শিক্ষক বিশ্ব হাজৰিকাই দিনজোৰা কাৰ্যসুচীৰে বিদ্যালয়ত অনুষ্ঠান কৰাৰ বাবে আৰন্যকক নিমন্ত্ৰনো জনায় ৷ বিয়লিলৈ গমিৰিপালত অৱস্থিত শোনিত কোঁৱৰ গজেন বৰুৱা উচ্চ মাধ্যমিক বিদ্যায়তো এই অনুষ্ঠান অনুষ্ঠিত হয় ৷ বন সংমণ্ডল প্ৰাধিকাৰী মুকুট দাসৰ লগতে ৱাৰ্ডেন বাবুলি হাজৰিকায়ো অংশ গ্ৰহন কৰে ৷ অনুষ্ঠানত বন সংমণ্ডল প্ৰাধিকাৰী মুকুট দাসে বিশ্বনাথ সংমণ্ডলৰ নদীপৰীয়া অঞ্চলত এনেধৰণৰ অনুষ্ঠানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এনে অনুষ্ঠান কৰাৰ কথা ব্যক্ত কৰে ৷

Related posts

Leave a Comment