সাংস্কৃতিক নগৰী আৰু পৰ্যটন নগৰী তেজপুৰ #Anupam Chakraborty

Sharing is caring!

সাংস্কৃতিক নগৰী আৰু পৰ্যটন নগৰীৰ সংমিশ্ৰণেৰে অসমৰ কোনো এখন ঠাইক যদি আগবঢ়াই নিব পাৰি নিশ্চিত্ত ভাবে সেই ঠাইখন হ’ল তেজপুৰ। দুয়োটা বিষয় উভৈনদী, কেৱল অভাৱ তুলি ধৰা মানুহৰ।

ৰাজনৈতিক সিদ্ধান্তই কি কয় নাজানোঁ কিন্তু এয়া প্ৰতিজন তেজপুৰীয়াই স্বীকাৰ কৰে যে ৯০ দশকত পৰ্যটন নগৰী হিচাপে তেজপুৰক গঢ়িবলৈ আপ্ৰাণ চেষ্টা কৰা মানুহজন আছিল ভানুদেৱ।তাৰ পিছত এই পৰ্যন্ত তেনে মানসিকতা কোনো ৰাজনীতিবিদ বা আমোলাৰ মাজত নেদেখিলোঁ।

বৃন্দাবন গোস্বামীক তেজপুৰীয়াই বহুত মৰম দিলে আৰু বিশ্বাসত লয়।সেইবাবে বাৰে বাৰে তেওঁকে আগবঢ়াই দিয়ে’।ভাল মানুহ’ বা ‘ভদ্ৰলোক’ হিচাপে চিহ্নিত বৃন্দাবন গোস্বামী তেজপুৰৰ উন্নয়নৰ ক্ষেত্ৰত সদায়ে সমালোচিত হৈ আহিছে।

আৰ পি শৰ্মা আহিল।জিকিল।কিন্তু তেজপুৰ তেনেকৈয়ে থাকিল।

মাজত ৰাজেন বৰঠাকুৰ আহিল।এটা আশা জাগিছিল বুলি বহুতে কয়। কিন্তু কংগ্ৰেছত চলা নেতাৰ ভাগ- বতৰাৰ যুদ্ধখনে তেজপুৰ উন্নয়নৰ ছবিখন স্তব্ধ কৰিলে বুলি আজিও বহুতে খেদ কৰা শুনো।

অৰ্থাৎ কি বিধায়ক কি সাংসদ -চকুত পৰাকৈ তেজপুৰক সলনি কৰি পেলোৱাৰ মানসিকতা এই পৰ্যন্ত কাৰো নেদেখিলোঁ।

ভাল পথৰ অভাৱ।জ্যোতি -ভাৰতী, বামুনী পাহাৰ,পদুম পুখুৰী, শিলৰ গেট, হলেশ্বৰ, মহাভৈৰব, অগ্নিগড় সকলো আছে- কেৱল নাই ইয়াৰ বিকাশ আৰু সম্প্ৰচাৰ। তেজপুৰৰ ডেকা ল’ৰাই কেৱল দোকান দি পৰিয়াল চলাব লাগে।কাৰণ সংস্থাপনৰ বাট খোল খাবই নোখোজে।অৰ্থাৎ নিবনুৱা সমস্যা তেজপুৰৰ এক ডাঙৰ বোজা।

 

শেহতীয়াকৈ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম ওলাইছে।কৰ্মদক্ষতাৰ বাবে সুনাম থকা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম ওলোৱাৰ লগে লগে উন্নয়নৰ বাবে ভোকাতুৰ হৈ থকা তেজপুৰত তেওঁৰ নামৰ খুবেই চর্চা হৈছে।অৱশ্যে এতিয়াও নিশ্চিত নহয় তেওঁ তেজপুৰলৈ অহাটো।

এফালে ওলাইছে ভানুদেৱৰ নাম।আনফালে ডঃ শৰ্মা। সেইসূত্ৰে তেজপুৰ লোকসভা সমষ্টিক লৈ এইবাৰ প্ৰচণ্ড চর্চা।তাকে দেখি মনে মনে ভাবিছোঁ : আমি জন্ম গ্ৰহণ কৰা তেজপুৰৰ বিকাশ আৰু উন্নয়নেৰে সৰ্বাধুনিক তেজপুৰ অহা ৫ বছৰত সম্ভৱ হ’ব পাৰে নেকি ? প্ৰতিনিধি যি হয় হওঁক, যাতে তেজপুৰ নতুনকৈ গঢ়ে-সেই নিবেদন আগতীয়াকৈ আগবঢ়াই থলোঁ।

Related posts

Leave a Comment