বিহালীত মেগা স্বাস্থ্য মেলাৰ সফল সামৰণি,

Sharing is caring!

বিহালীত মেগা স্বাস্থ্য মেলাৰ সফল সামৰণি, উখল মাখল পৰিৱেশ বিহালী উচ্চতম মাধ্যমিক বিদ্যলয়ত

শোণিতপুৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক আৰু বিহালী খণ্ড স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আজি
দিন যোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় মেগা স্বাস্থ্য মেলা ।

বিশ্বনাথ জিলাৰ বিহালী উচ্চতম মাধ্যমিক বিদ্যালয় প্ৰাংগণত আয়োজন কৰা মেগা স্বাস্থ্য মেলা পূৱা ৯.৩০ শুভ উদ্ধোধন কৰে শোণিতপুৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কৃষ্ণা কেমপ্ৰাইয়ে, ইয়াৰ পাছতে অনুষ্ঠিত হোৱা বৰ্ণিল শোভাযাত্ৰা উদ্বোধন কৰে শোণিতপুৰ জিলাৰ মুখ্য স্বাস্থ্য ও চিকিৎসা বিষয়া ডাঃ শিৱ প্ৰসাদ বৰদলৈয়ে, আঁত ধৰে বিশ্বনাথ মহকুমা স্বাস্থ্য বিষয়া ডাঃ যোগেন চন্দ্ৰ বেই ।

ইফালে বিদ্যালয় প্ৰাংগণত আয়োজন কৰা স্বাস্থ্য বিভাগৰ ১৭ টাকৈ আঁচনিৰ প্ৰৰ্দশনী শিৱিৰ মুকলি কৰে বিশ্বনাথ
জিলা উপায়ুক্ত পবিত্ৰ ৰাম খাউণ্ডে লগত সহযোগ কৰে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালিকা ডাঃ কৃষ্ণা কেম্প্ৰাই, আৰু বিশ্বনাথ জিলাৰ
অতিৰিক্ত উপায়ুক্ত দিগন্ত বৈশ্যই ।
ইফালে, বিদ্যালয়ৰ প্ৰক্ষাগৃহত এখনি সজাগতা সভা অনুষ্ঠিত হয়, আঁত সভা খন উদ্বোধনী ভাষন প্ৰদান কৰে মহকুমা স্বাস্থ্য বিষয়া ডাঃ যোগেন চন্দ্ৰ বেই ।

স্বাস্থ্য সজাগতা বিষয়ত চমু বক্তব্য প্ৰদান কৰে বিশ্বনাথ জিলা উপায়ুক্ত প্ৰবিত্ৰ ৰাম খাউণ্ড, যুটীয়া স্বাস্থ্য ডাঃ কৃষ্ণা কেম্পাই,।

সভাত
উপস্থিত থাকে বিশ্বনাথ জিলা উপায়ুক্তৰ লগতে অতিৰিক্ত উপায়ুক্তক, শোণিতপুৰ জিলা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ গণ মাধ্যম বিষয়া
অন্জ্ৰুসী ফুকন, শোণিতপুৰ জিলা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অভিযানৰ জিলা সমন্বয়ক ৰুমী দেৱীয়ে অনুষ্ঠানত এটি কবিতা আবৃত্তিয়ে সকলোকে উৎফুল্লিত কৰি তুলে ।

ইফালে
বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা , জিলা স্বাস্থ্য বিষয়া ডাঃ ফনি পাঠক, তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয় অধ্যক্ষা
ডাঃ ৰিনি দুৱৰা, ৰাষ্ট্ৰীয় স্বাস্থ্য মিচন অভিযানৰ শোণিতপুৰ জিলা প্ৰকল্প বিষয়া ( DPM) পৰাগজ্যোতি শইকীয়াক, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অভিযান শোণিতপুৰ জিলা মুখ্য গাননিক বিষয়া প্ৰহ্লাদ পায়েং, ( DAM) ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ জিলা পৰিয়াল পৰিকল্পনা( DFPC) বিষয়া পুলকেশ বৰাকে ধৰি জিলা খনৰ কেইবাজনো উচ্চ পদস্থ বিষয়াই চিকিৎসকে ।

ইফালে এই সজাগতা সভাতেই শোণিতপুৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কৃষ্ণা কেমপ্ৰাইক বিহালী খণ্ড প্ৰাথমিক স্বাস্থ্য খণ্ড তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়, এই সম্বৰ্দ্ধনা অনুষ্ঠানৰ আঁত ধৰে বি পি এম জেহেৰুল ইচ্ছলামে। এখনি মান পত্ৰ আৰু ফুল গামোচাৰ জড়িয়তে সম্বৰ্দ্ধনা জনাই সঞ্চালিকা গৰাকীক।
আনহাতে, এই মেগা মেলাত বিদ্যালয় খনৰ ছাত্র ছাত্ৰী সকলক লৈ কুইজ প্ৰতিযোগিতাৰো । অন্যহাতে স্বাস্থ্য শিবিৰ মুকলি কৰে অতিৰিক্ত উপায়ুক্ত দিগন্ত বৈশ্যই।

Related posts

Leave a Comment