হেলিকপ্টাৰ সংবাদ, নেতাৰ উবাচ আৰু ৰাজনৈতিক সাক্ষৰতা

Sharing is caring!

#আজিজুৰ ৰহমান হাজৰিকা
#কালিৰে পৰা অসমৰ আকাশত উৰিছে ৰাজনৈতিক হেলিকপ্টাৰ। হেলিকপ্টাৰ আকাশত উৰাটো কোনো ডাঙৰ কথা নহয়। পিছে গুৰুত্বপূৰ্ণ কথাটো হ’ল নিৰ্বাচনী বতৰত ৰাজনৈতিক দলসমূহে হেলিকপ্টাৰ উৰুওৱাটোহে। অৱশ্যে এটা দিশৰ পৰা লক্ষ্য কৰিলে নিৰ্বাচনী প্ৰচাৰত গতিশীলতা আনিবলৈ তথা প্ৰচাৰত তাৰকা ৰাজনীতিকসকলৰ অধিক মাত্ৰাত অংশগ্ৰহণৰ সুবিধালৈ লক্ষ্য কৰিলে হেলিকপ্টাৰ ব্যৱহাৰৰ প্ৰয়োজনীয়তা আছে।
এইখিনি ৰাজনৈতিক দলৰ দৃষ্টিভংগী। পিছে কথাটো হ’ল, ৫ বছৰ ঘোৰ নিদ্ৰাত থাকি ২০-২৫ দিন কোটিৰ হিচাপত ধনৰ শৰাধ কৰি ঘূৰাটোৰ যুক্তিযুক্ততা ক’ত? আমাৰ মতে, যদি নেতাসকলে নিজৰ দায়িত্ব সুকলমে পালন কৰি ৫ বছৰে ৰাইজৰ আস্থাভাজন হ’বলৈ চেষ্টা কৰে, তেতিয়া নিৰ্বাচনৰ আগত দিন-ৰাতি একাকাৰ কৰি ঘূৰা, ডিঙিৰ শিৰা টনটনাই যোৱাকৈ উন্নয়নৰ শ্লোগান চিঞৰা, কোটি টকাৰে যাতায়াত কৰা এইবোৰৰ কোনো প্ৰয়োজনেই নাথাকে। ভাবি আচৰিত হওঁ, ৫ বছৰে সমষ্টিৰ মাজত ঘূৰিবলৈ আহৰি নোপোৱা, এলাহ লগা এইসকল জননেতা ( তথাকথিত)ৰ কিন্তু নিৰ্বাচনৰ সময়ত দুখ-ভাগৰ নালাগে, এলাহ নালাগে, সময়ৰো নাটনি নহয়।
হায়ৰে গণতন্ত্ৰ! জানিব পৰা মতে, এইবাৰৰ নিৰ্বাচনত ৰাজনৈতিক দলসমূহৰ হেলিকপ্টাৰ ব্যয় প্ৰায় ৩৮ কোটি হ’ব। এই হিচাপত সৰ্বাধিক ব্যয় কৰিব বিজেপিয়ে, ২২ কোটি (৪খন হেলিকপ্টাৰ দৈনিক। তাৰে ৩খন দ্বৈত ইঞ্জিনযুক্ত আৰু এখন একক ইঞ্জিনযুক্ত। চাৰিখনৰ ভাড়া হ’ ব ঘণ্টাত ১০ লাখ টকা। ২১ এপ্ৰিললৈকে মুঠ ২৮ দিনত দৈনিক গড়ে ৮ ঘণ্টা উৰিব)। একেদৰে কংগ্ৰেছৰ ২খন হেলিকপ্টাৰৰ বাবদ ব্যয় হ’ ব ১১ কোটি টকা। আনহাতে, ১খন হেলিকপ্টাৰৰ বাবদ ইউডিএফৰ ব্যয় হ’ব কমেও ৫ কোটি টকা।
এতিয়া কথা হ’ল, প্ৰচাৰৰ নামত ইমান পৰিমাণৰ ধন ব্যয় কৰি জিকি অহাৰ পিছত প্ৰাৰ্থীসকলে ৰাইজক দিয়ে কি? নিজৰ ভাগৰ উন্নয়নৰ নামত অহা ধনখিনিও সম্পূৰ্ণ খৰচ কৰিব নোৱাৰে। ৰাজনৈতিক দলসমূহৰ এই ধৰণৰ অপসংস্কৃতি কিন্তু দেশৰ অৰ্থনৈতিক, ৰাজনৈতিক দিশৰ লগতে সমাজৰ বাবেও ক্ষতিকাৰক। আমি নিজে সচেতন নহ’লে ইয়াৰ পৰিত্ৰাণৰ উপায় নাই। সেয়েহে আমাক লাগে এতিয়া ৰাজনৈতিক সাক্ষৰতা। এয়া ৰাজনৈতিক দলসমূহে কেতিয়াও হ’বলৈ নিদিয়ে। এই ৰাজনৈতিক সাক্ষৰতা অভিযানৰ নেতৃত্ব আমি নিজে ল’ব লাগিব। সচেতন হ’ব লাগিব ৰাজনৈতিকভাৱে।

Related posts

Leave a Comment