সেউজীয়া চিঞžৰ

Sharing is caring!

চিন্ময় মুণ্ডা

হামনিকেৰ মজদুৰ জীৱন, ফজিৰসে লেইকে সাঝতক কাম কাম কাম। পেটকে আগুন বুঝইক জন মানুষ সাৰা জীৱন খাটত বহেলা ওসৱকে জীৱনমে বাৰু কনদিন সুখ আৱি·   আমাৰ মজদুৰ জীৱন, ৰাতিপুৱাৰ পৰা গধুলি লৈকে কাম কাম কাম। যিবোৰ মানুহে পেটৰ ভোক নিবাৰণ কৰিবলৈ সমগ্ৰ জীৱন হামাৰাও কাঢ়ে তেওঁলোকেৰ জীৱনলৈ কোনোকালে সুখ আহিব জানো·(সেউজীয়া চিঞžৰ,পৃষ্ঠা নং-১২) 

চাহ জনগোষ্ঠীয় লোকসকলৰ জনজীৱন আৰু জীৱন যন্ত্ৰমা তথা সংগ্ৰামৰ আধাৰত ৰচিত শ্ৰীযুত আত্মা ৰাম কুমাৰদেৱৰ প্ৰণিত ‘সেউজীয়া টিঞৰ’ উপন্যাসখন পঢ়ি আপ্লুত হ’লো। উপন্যাসখন পঢ়ি অনুভৱ কৰিছো লেখকজনৰ নিজৰ চাহ জনগোষ্ঠীয় সমাজখনৰ প্ৰতি থকা সূক্ষ্ম নিৰীক্ষণ। তেখেতে শৈশজৱকালৰ পৰা দেখি অহা মজদুৰ জীৱনৰ জীৱন-যন্ত্ৰণা,লাঞ্চনা-বঞ্চনা,ক্ষোভসমূহ অতি সাৱলীলভাৱে উপস্থাপন কৰিছে উপন্যাসখনত। 

মৰাণ মহাবিদ্যালয়ৰ ইমৰাজী বিভাগৰ অধ্যাপক আত্মাৰাম কুমাৰৰ এইখন প্ৰথম উপন্যাস। তেখেতৰ উপন্যাসখনৰ প্ৰতিটো পৃষ্ঠাতেই যেন উদ্ভাসিত হৈ উঠিছে মজদুৰ চাহ-জনগোষ্ঠিসকলৰ জীৱন সংগ্ৰাম। সোণাপতীয়া চাহ বাগিছাৰ এখন শ্ৰমিক নেতাৰ সংগ্ৰাম উপন্যাসখনৰ মূল বিষয়বস্তু। বাগিছাখনৰ মজদুৰ কমিটিৰ নৱ-নিৰ্বাটিত সম্পাদক ভগত তাঁতীৰ নিজ সমাজখনৰ প্ৰতি থকা দায়িত্ব,কৰ্তব্য পালন দুৰ্দাম আকাংক্ষা ,মজদুৰৰ নুন্যতম অধিকাৰৰ ববে কৰা নিঃস্বাৰ্থ যুঁজৰ কাহিনী ‘সেউজীয়া চিঞৰ’। তদুপৰি তথাতথিত শ্ৰমিক নেতাৰ ভণ্ড চৰিত্ৰও উপন্যাসখনত ফুটি উঠিছে। ধাৰ্মিক, ৰুদ্ৰকল্যাণ,সৰুদলৈ,শিৱ আদি চৰিত্ৰৰ যোগেদি।তাৰ মাজতে উপন্যাসখনত চাহ-শ্ৰমিকসক লৰ জীৱনৰ কিছু দিশ যেনে – বিবিধ উৎসৱ- পাৰ্ৱন, বিয়া,সামাজিক প্ৰাথা,কু-সংস্কাৰ,অন্ধবিশ্বাস ইত্যাদিসমূহ শনিৰাম,দেবু তুৰী, পৰমাণ তৰী,হাৰিয়া আদি চৰিত্ৰসমূহৰ যোগেদি উপস্থাপন কৰিছে।

উপন্যাসখন যদিও চাহ-শ্ৰমিকসকলৰ জীৱনৰ কিছু দিশক আলোকপাত কৰি আগবাঢ়িছে যদিও মূল বিষয়বস্তু হিচাপে চিহ্নিত হৈছে বাগিছাখনৰ মালিকপক্ষৰ প্ৰৰোচনামূলক নীতি যাৰ সহায়ত উপযুক্ত চিকিৎসা সেৱাৰ পৰা শ্ৰমিকসকলক বঞ্চিত কৰা। মেনেজাৰ খানৰ নিৰ্দেশত ডাঃ বৰঠাকুৰে নিম্ন মানৰ চিকিৎসা প্ৰদান কৰি আহিছিল। যাৰ ফলশ্ৰুতিত সময়ে সময়ে বহু শ্ৰমিকৰ মৃত্যু হৈছিল। নৱ-নিৰ্বাচিত সম্পাদক ভগত তাঁতীয়ে গোপালৰ কণমানি ছোৱালী ভূল চিকিৎসাৰে মৃত্যু হোৱাত মালিক কৰ্তৃপক্ষ তথা ডাঃ বৰঠাকুৰৰ বৰ্খাস্তৰ দাবী লৈ আন্দোলন কৰাৰ পিছত কেনেদৰে নাটকীয় পৰিস্থিতিত ভগতৰ চাকৰী যোৱা,শ্ৰমিক নেতাসকলৰ ভণ্ড চৰিত্ৰ,সাংগঠনিক দুৰ্বলতাৰ প্ৰতিচ্ছবিৰে উপন্যাসখন আগবাঢ়িছে। শেষত ডাঃ বৰঠাকুৰৰ বিবেক দংশন, মালিকপক্ষৰ কূট নীতি,ভগত তাঁতী যুঁজখনৰ সমাপ্তি (·) ৰে সোণপতীয়া চাহ বাগিছাৰ শ্ৰমিকসলৰ জীৱনৰ বিষয়ে ৰচিত উপন্যাসখন সমাপ্তি ঘটিছে।   

উপন্যাসখনত চাহ জনগোষ্ঠীয় কথিত ভাষাৰ বহুল প্ৰয়োগে সমাজখনৰ জীৱন সংগ্ৰাম প্ৰতিফলিত কৰাত সুবিধাদায়ক হিচাপে পৰিগণিত হৈছে। লেখকজনৰ ভাষাৰ- যিখন সমাজৰ প্ৰতিচ্ছবি দাঙি ধৰিব খোজা হৈছে সেই সমাজত প্ৰচলিত ভাষা অসমীয়া নহয়। গতিকে গোটেই উপন্যাসখন বিশুদ্ধ অসমীয়া ভাষাত লিখিলেও যেন চাহ শ্ৰমিকৰ জীৱন আৰু সমাজৰ উত্তাপ, ইয়াৰ তিতা-মিঠা ,ইয়াৰ ভাল বেয়া ,সুন্দৰতা আদিবোৰ প্ৰতিফলিত কৰিব পৰা নাযাব।অন্যহাতেদি কেৱল ‘বাগানীয়া’ ভাষাতে উপন্যাসখন লিখি পেলালেও ইয়াৰ পৰিধি সংকুচিত হৈ আহিলহেঁতেন।তদুপৰি বাগানীয়া প্ৰচলিত ভাষাৰো অনেক বৈচিত্ৰতা আছে। তেনেস্থলত এক মধ্যম পন্থা অৱলম্বন কৰা হ’ল। মাজে মাজে কিছুমান বাগানত প্ৰচলিত শব্দৰ ব্যৱহাৰ কৰে ,যাতে চাহ শ্ৰমিক সমাজৰ আচুতীয়া সুগন্ধ সৰ্বদা বিয়পি থাকে উপন্যাসৰ পাতে পাতে ।

(পাতনি, সেউজীয়া চিঞৰ) ।

তদুপৰি কেৱল চাহ বাগিচাখনৰ চিকিৎসালয়খনক কেন্দ্ৰ কৰিয়ে যদি সমগ্ৰ উপন্যাসখন ৰচিত হোৱা হ’লে চাহ-শ্হৰমিক জীৱনৰ আনবোৰ দিশ প্ৰকাশিত নোহোৱাকৈ থাকি গ’লহেঁতেন। লেখকজনাই চাহ-শ্ৰমিকসকলৰ জীৱনৰ তিতা-কেঁহা দিশসমূহ অন্তভূক্ত কৰিবলৈ যাওঁতে উপন্যাসখনৰ কেলবৰ বৃদ্ধি পোৱাটো শ্বীকাৰ কৰি পাতনিতে লিখিছে এইদৰি – ‘আমাৰ ভাষাৰ দুৰ্বলতাখিনিকো উপলব্ধি কৰিব পাৰিছো কিন্তু চাহ শ্ৰমিকৰ জীৱনৰ  প্ৰতিচ্ছবি এখন দাঙি ধৰাত ক’তো কাৰ্পণ্য কৰা নাই। বহু সময়তে উপন্যাসৰ মূল বিষয়বস্তুৱে আনুষংগিক উপ-বিষয়বস্তুক চোঁচহৰাই অনাৰ দাবী কৰিছে। সেই দাবীবোৰ মানি লোৱা হৈছে।

মাজে মাজে উপন্যাসৰ নেৰেটীক সাগৰত পালতাৰা নাও মেলাদি । মেলি দিয়া হৈছে । তাৰ মাজতো মূল বিষয় বস্তুক দৃষ্টিৰ বাহিৰলৈ যাবলৈ দিয়া হোৱা নাই। ‘উপন্যাসখনৰ আটাইতকৈ যোগাত্মক দিশটো হ’ল লেখকজনাই নিজকে এগৰাকী চৰিত্ৰ হিচাপে উপস্থাপন কৰি উপন্যাসখনৰ বিবিন্ন সময়ত এক বিশ্লেষণাত্মক বিৱৰণ দাঙি ধৰিছে। তডদুপৰি উপন্যাসখনৰ প্ৰতিটো চৰিত্ৰই চাহ-শ্ৰমিক সমাজখনৰ সংগ্ৰামপূৰ্ণ দিশসমূহ ফুটাই তুলি উপন্যাসখন সফল হিচাপে চিহ্নিত কৰিছে।    

অধ্যাপক শ্ৰী যুত আত্মাৰাম কুমাৰৰ উপন্যাস ‘সেউজীয়া চিঞৰ ’ পঢ়ি  আমাৰ কিছু অনুভৱ ব্যক্ত কৰিলো। তেখেতৰ এইখন প্ৰথম উপন্যাস। আশাকৰো ভৱিষ্যত দিনত তেওঁৰ কাপৰ পৰা নতুন ভাৱবস্তু সৃষ্টিশীল লেখা পাঠকক উপহাৰ দিব।

Related posts

Leave a Comment