মই কথা দি কথা ৰাখোঁ কোনো দিন মিছা কোৱা নাই বিহালীত ড•হিমন্তবিশ্ব শৰ্মা

Sharing is caring!

 

মই কথা দি কথা ৰাখোঁ কোনো দিন মিছা কোৱা নাই
বিহালীত ড•হিমন্তবিশ্ব শৰ্মা ।
শৰ্মা ঘোষণা নিৰ্বাচন পাছতেই বিহালী তিনিসুতি ৰাইজে লাভ কৰিব এখন চিকিৎসালয়

হিমন্ত বিশ্বৰ ঘোষণা
দেশৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন নিজ ভাতৃ পল্লৱলোচন দাসৰহৈ নিৰ্বাচনী প্ৰচাৰ চলাৱলৈ আহি আজি বিহালীৰ বৰগাংৰ কেটেলা চাহ বাগিচাৰ খেল পথাতৰ এখনি নিৰ্বাচনী
সভাত অংশগ্ৰহণ কৰে মহাপ্ৰতাপী মন্ত্ৰী ড•হিমন্তবিশ্ব শৰ্মা ‌।
শৰ্মাই বিহালীত প্ৰচাৰ চলাৱলৈ আহি কয় নিৰ্বাচন সময় কোনে কি কয় নাজানোঁ যি হয় হ’ব আৰু বুলি কৈ
বিহালীৰ তিনিখুঁটিত এখন মেডিকেল নিৰ্মানৰ ঘোষণা কৰে৷
আনহাতে, বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পল্লৱলোচন দাসৰ প্ৰচাৰ চলাৱলৈ আহি লক্ষনীয় ভাৱে এবাৰো নাম নল’লে এমজিভিকে ভানুৰ ৷

এইফালে বিহালীৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি ড০ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ অসম ভ্ৰমন সম্পৰ্কে সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে।
ৰাহুল গান্ধীয়ে ভ্ৰমন কৰি গ’ল,ৰাহুল গান্ধীয়ে আজি যি খিনি মানুহ পালে তাতকৈ বেছি মানুহ আমি দৈনিক পায় আছো। ৰাহুল গান্ধী যেতিয়া আহিলে লক্ষীমপুৰত বিজেপিৰ ভোট আৰু বাঢ়িব।
কাৰণ ৰাহুল গান্ধীক দেখিলেই মানুহে বুজি পায় এইজনক কেনেকৈ প্ৰধান মন্ত্ৰীৰ বাবে ভোট দিম মোডি ডাঙৰিয়া থাকোতে।
মই বিছাৰিছো যে ৰাহুল গান্ধী আৰু দুই তিনিবাৰ মান অসমলৈ আহক। কৰবাত যদি এখন দুখন আসন কংগ্ৰেছে পোৱাৰ সম্ভাবনা আছিলে ৰাহুল গান্ধী আহিলে সেইকেইটাও নাইকীয়া হৈ যাব বুলি কৈ তেজপুৰ লোক সভাৰ মিত্ৰ জোট প্ৰাৰ্থী পল্লৱলোচন দাস ৰ হৈ ভোটত প্ৰদান কৰিবলৈ আহ্বান জনাই বিজেপি কৰ্মী সকলক ।
ইফালে সভাত উপস্থিত থাকে মন্ত্ৰী ৰণজিৎ দত্ত ।দত্তই বিজেপি দৰ প্ৰাৰ্থী পল্লৱলোচন দাস হৈ বিহালী প্ৰতি জন বিজেপি ভোটাৰক ভোট দিবলৈ আহ্বান জনোৱা লগতে ঘৰে ঘৰে গৈ ৰাইজক ভোট দিবলৈ দলীয় কৰ্মী সকলক আহ্বান জনাই ।
ইফালে এই নিৰ্বাচনী সভাত উপস্থিত থাকে বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক , পূব বিহালী বিজেপি মণ্ডল কমিতি সভাপতি উৎপল বৰা ( পল) পশ্চিম বিহালী সভাপতি , জিলা সভাপতি লগতে ১০ শতাধিক বিজেপি কৰ্মী ।

Related posts

Leave a Comment