বিহালীত আদিবাসী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ  নাগৰিকত্ব সংশোধনী বিধেয়ক  ২০১৬ বাতিলৰ দাবীত জোঁৰ সমদল

Sharing is caring!

বিহালীত আদিবাসী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

  •  নাগৰিকত্ব সংশোধনী বিধেয়ক  ২০১৬ বাতিলৰ দাবীত জোঁৰ সমদল
    _________________________________________

অসম খবৰ LIVE@ ত্ৰিদীপ দাস, বিহালী, ২৯ মে’ :- নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিল বাতিলৰ দাবীত সমগ্ৰ ৰাজ্য উত্তাল হৈ থকা সময়তে আজি বিহালীত আদিবাসী ছাত্ৰ সন্থা বিহালী আঞ্চলিক সমিতি উদোগত এক জোঁঁৰ সমদল উলিয়াই  সংগঠনটোৱে  তীব্র  প্ৰতিবাদ সাব্যস্ত কৰে ৷ সংগঠনটো শতাধিক সদস্য ই অংশগ্ৰহণ কৰা প্ৰতিবাদী সমদল বিহালীৰ বৰগাং ৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে বিভিন্ন শ্ল’গানে আকাশ বহাহ কঁপাই তোলে । প্ৰতিবাদী জোঁৰ সমদলত অংশগ্ৰহণ কৰে আদিবাসী ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ সম্পাদক অজিৎ কুৰ্মী, বিহালী আঞ্চলিক সমিতিৰ সভাপতি সঞ্জীৱ কুমাৰ তাঁতি,ভাঃ সম্পাদক মংলু চব্বৰ, পৱন বাউৰীকে আদি কৰি কেইবাজনো ছাত্ৰ নেতা লগতে সংগঠনটো শতাধিক সদস্য ই অংশগ্ৰহণ কৰে ৷

Related posts