বাক্সা জিলাৰ লতিবাৰী গাওঁত স্থানীয় বিধায়ক ইমানুৱেল মোছাহাৰীৰ আধাৰশিলা স্থাপন

Sharing is caring!

বাক্সা জিলাৰ লতিবাৰী গাওঁত স্থানীয় বিধায়ক

ইমানুৱেল মোছাহাৰীৰ আধাৰশিলা স্থাপন


 

অসম খবৰ@ধীৰজ উপাধ্যায়,কুমাৰীকাটা, ৩০ মে :- 
বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা লতিবাৰী, পাকৰিবাৰী, ইক্ৰাজুলী, শিংৰামাৰী গাঁৱৰ পকী পথ নিৰ্মাণৰ বাবে স্থানীয় বিধায়ক ইমানুৱেল মোছাহাৰীয়ে আজি  পাকৰিবাাৰী চ‌‌’কত এখনি আধাৰশিলা স্থাপন কৰে । আধাৰশিলা স্থাপনৰ পিছতে এখনি সাধাৰণ সভা অনুষ্ঠিত হয় । সভাত বিধায়ক গৰাকীয়ে কয় যে- কুমাৰীকাটা নাগ্ৰীজুলি চ’কৰ পৰা প্ৰায় ৫ কি.মি. ভিতৰুৱা ৰাস্তাৰ  পকীকৰণ আগন্তুক তিনি বছৰৰ ভিতৰত সম্পুৰ্ণ কৰিবলৈ চেষ্টা কৰিম বুলি ৰাইজক আশ্বাস দিয়ে । উক্ত সভাত তামুলপুৰ মহকুমাৰ এম. চি. এল.এ বিজিত গৌৰা নাৰ্জাৰী, বি.টি.চি ৰ প্ৰাক্তন এম. চি.এল.এ বাসুদেৱ উপাধ্যায় ৰ লগতে তিনি শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে।

Related posts