মায়ামৰা সাংস্কৃতিক সংঘৰ তিনি দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠৰ আয়োজন

Sharing is caring!

মায়ামৰা সাংস্কৃতিক সংঘৰ তিনি দিনীয়া কাৰ্যসূচীৰে

ভাগৱত পাঠৰ আয়োজন

অসম খবৰ@ বিহালী, ৩০ মে: – শ্ৰী শ্ৰী অনিৰুদ্ধ দেবৰ সেবক সকলে তথা বিহালী আধাখনা মায়ামৰা সাংস্কৃতিক সংঘ আৰু যুবক সংঘৰ সহযোগত আজিৰে পৰা তিনিদীনিয়া কাৰ্যসূচীৰে আধাখনা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত ভাগবত পাঠৰ আয়োজন কৰা হৈছে । বলুভদ্ৰ বৰুৱা সভাপতি আৰু লক্ষী বৰাক সম্পাদক হিচাপে লৈ এখন আদৰণি কমিটি গঠন কৰা হয় । অনুষ্ঠানৰ কাৰ্যসূচী অনুুসৰি পুৱা ৯ বজাত ৫ শতাধিক লোকৰ সতে শোভাযাত্ৰা কৰি বিয়লি ২ বজাৰ পৰা ভাগবত পাঠ আৰম্ভণি কৰা হয়। ভাগৱত পাঠত অংশ গ্ৰহণ কৰে — শংকৰ দাস, সদানন্দ বৰা, বগীৰাম, টংক বৰা,লবোধৰ বৰা প্ৰৰমোদ বৰা আৰু হেমচন্দ্ৰ দাসে । ইপিনে অহা ৩১ মে’ত শিশু সকলৰ দ্বাৰা শংকৰ দেৱ বিৰচিত অংকীয়া নাটক সীতা হৰণ বালী বধ ভাওনা আৰু ১ জুনত বিজেন্দ্ৰ বিজয় কাল্পনিক নাট ভাওনা কৰা হ’ব বুলি আদৰণি সমিতিৰ সদস্য ধ্ৰুৱজ্যোতি বৰাই জানিবলৈ দিছে ।

Related posts