মৰাণৰ পৰা নিখোজ হোৱা এক্সকেভেটৰ মেচিন কাৰ্বি অংলংত উদ্ধাৰ : আৰক্ষী-প্ৰশাসনক ধন্যবাদ ৰাইজৰ

Sharing is caring!

মৰাণৰ পৰা নিখোজ হোৱা এক্সকেভেটৰ মেচিন কাৰ্বি

অংলংত উদ্ধাৰ :

  • আৰক্ষী-প্ৰশাসনক ধন্যবাদ ৰাইজৰ

অসম খবৰ@মৰণৰ পৰা সঞ্জীৱ মলিয়া ৰিপৰ্ট, ৩০ মে:- যোৱা কিছুদিন পূৰ্বে মৰাণৰ লেঙেৰীৰ এজন যুৱকে বেংকৰ ঋণ লৈ লোৱা এখন excavetor তথা মাটি খন্দা মেচিনটো কেইমাহমান পূৰ্বে দালালৰ কবলত পৰি হেৰুৱাব লগত পৰিছিল । উক্ত মেচিনটো আৰক্ষীয়ে মঙ্গলবাৰে কাৰ্বি অংলং জিলাৰ বৈঠাংলাইত উদ্ধাৰ কৰিবলৈ সক্ষম হয় । মৰাণ আৰক্ষী থানাৰ আৰক্ষী বিষয়াৰ তত্বাবধানত বামুনবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া লাৰ্নিচ পেগুৰ সহযোগত উদ্ধাৰ হোৱা মেচিনটো বৰ্তমান আৰক্ষীৰ জিম্মাত আছে বুলি জানিব পৰা গৈছে । আৰক্ষী – প্ৰশাসনৰ সফলতাক স্থানীয় ৰাইজে অশেষ ধন্যবাদ জ্ঞাপন কৰিছে । 

Related posts