নলবাৰীত দিল্লীৰ প্ৰতিনিধিৰ দলৰ কৃষি ফাৰ্ম পৰিদৰ্শন

Sharing is caring!

নলবাৰীত দিল্লীৰ প্ৰতিনিধিৰ দলৰ কৃষি ফাৰ্ম পৰিদৰ্শন

 

অসম খবৰ@নলবাৰী,৩০মেঃ-  নলবাৰী জিলাৰ ধনতোলাৰ(চেংনৈ) জ্যোতি ফাৰ্মাছ ক্লাৱ অাৰু মৈৰাদঙ্গাৰ শংকৰদেৱ জৈৱিক কৃষি ফাৰ্মত অাজি নতুন দিল্লীৰ পৰা অহা জৈৱিক শূংঙ্খল অভিযানৰ বিষয়াৰ দলে পৰিদৰ্শন কৰে লগতে নলবাৰী সমষ্টিৰ ৪৯৯ জন কূষকক সামৰি গঠন হোৱা পাগলদিয়া এগ্ৰো অৰগেনিক প্ৰাঃ লিমেটেডৰ অগ্ৰগতিৰ বুজ লয় । উল্লেখ্য যে নতুন দিল্লীৰ জৈৱিক শংঙ্খল অভিযানৰ বিপনন বিষয়া পাৰুল মেহতাই ফাৰ্ম দুখনৰ জৈৱিক পদ্বতিৰ কৃষি কৰ্ম দেখি অাপ্লুত হোৱাৰ লগতে বিপনন সৰ্ম্পকত ল’বলগা ব্যৱস্হাৰ বিষয়ে অালোচনা কৰে । অাজিৰ এই অনুষ্ঠানত বিষয়া গৰাকীৰ সৈতে উদ্যান শস্য বিভাগৰ সঞ্চালক অাই.এ নুৰি,খগেন শৰ্মা,নলবাৰী মহকুমা কৃষি বিষয়া যোগেশ্বৰ ৰাজ মেধি,মহকুমা তথ্য বিষয়া হেমন্ত কলিতা সহ পাগলদিয়া এগ্ৰো অৰগেনিক প্ৰাঃ লিমিটেডৰ বিষয়া,কৰ্মচাৰীৰ লগতে ভালে সংখ্যক  কৃষক উপস্থিত থাকে ।

Related posts