চলন্তাপাৰাত বিয়াৰ প্ৰলোভনেৰে কিশোৰীক নিৰ্যাতন

Sharing is caring!

চলন্তাপাৰাত বিয়াৰ প্ৰলোভনেৰে কিশোৰীক নিৰ্যাতন

  • ৬ দিন ধৰি আবদ্ধ কৰি ৰখা কিশোৰীগৰাকীক উদ্বাৰঃ 

অসম খবৰ@যোগীঘোপাৰ পৰা ইনামুল হকৰ ৰিপ’ৰ্ট, ৩১মে:- বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত চলন্তাপাৰা ৪ৰ্থ খন্ড গাৱৰ ছকমান আলীৰ পুত্ৰ তথা দশম শ্ৰেণীৰ ছাত্ৰ গুলবাৰ হুছেইন এগৰাকী কিশোৰীক বিয়াৰ প্ৰলোভন দি পলুৱাই আনি ৬ দিন ধৰি নিজ ঘৰত আবদ্ধ কৰি ৰাখি কিশোৰী গৰাকীক নিৰ্যাতন চলোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে, কিশোৰী গৰাকীৰ ঘৰ অভয়াপুৰী থানাৰ অন্তৰ্গত মাত্ৰা ঘোলাত। কিশোৰীগৰাকী ৬ দিন পিছত আজি যোগীঘোপা থানাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে । ঘটনা সন্দৰ্ভত জানিব পৰা মতে ,কিছুদিন পূৰ্বে গুলবাৰ হুছেইন আৰু কিশোৰী গৰাকীৰ মাজত মোবাইল ফোনৰ মিচ কলৰ যোগেদি প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল । উক্ত প্ৰেম দিনক দিনে গভীৰতা লাভ কৰাত গুলবাৰে কিশোৰী গৰাকীক বিয়াৰ প্ৰস্তাৱ দিয়ে । কিশোৰী গৰাকীয়ে বিয়াৰ প্ৰস্তাৱত মান্তি হৈ কিশোৰী গৰাকীয়ে যোৱা ২৬ মে’ত ঘৰৰ পৰা ওলাই আহি নয়াগাঁও পায় । পিছত গুলবাৰ হুছেইনে কিশোৰী গৰাকীক নিজ ঘৰলৈ আনে । কিন্তু গুলবাৰ হুছেইনৰ পৰিয়ালৰ লোকে কিশোৰী গৰাকীক বোৱাৰী হিচাপে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি ছয় দিন ধৰি ঘৰত আৱদ্ধ কৰি ৰাখি নানান ধৰণৰ শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলায়। ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে যোগীঘোপা আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে কিশোৰী গৰাকীক উদ্ধাৰ কৰি থানালৈ আনে। আনহাতে এই ঘটনাৰ সৈতে উক্ত গাঁৱৰে এগৰাকী চৰকাৰী কৰ্মচাৰীৰ নাম সাঙুৰ খাই পৰিছে।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে

Related posts