প্ৰমূল্যবোধৰ শিক্ষা প্ৰৱৰ্তন হওঁক

Sharing is caring!

প্ৰমূল্যবোধৰ শিক্ষা প্ৰৱৰ্তন হওঁক


অত্যাধিক ভোগবাদৰ  আগ্ৰাসনে মনুষ্যত্বৰ অৱক্ষয় ঘটি সমাজ

বিপৰীতমুখী যাত্ৰা কৰিছে । চৌদিশে ধ্বংসমুখী দাবানলে গিলি যাব ধৰিছে

প্ৰজন্মৰ সোণালী বাট ।জানোচা সভ্যতাৰ জখলা ডালেৰে অসভ্যতা,বৰ্বৰতা

উৰ্ধগামি হৈ আকাশ চুইছে। ইয়াৰ কাৰণ কি ? এবাৰ ফঁহিয়াই চালেই বুজি

পোৱা যাব । প্ৰধানত ঘৰুৱা আৰু পাৰিপাৰ্শিক পৰিৱেশে ইন্ধন জোগাইছে

এই স্খলনত । অভিভাৱক, পিতৃ-মাতৃৰ চাৰিত্ৰিক অৱনমন প্ৰায় অনুসৰণ

কৰে শিশু সকলে । সেয়ে পিতৃ-মাতৃ সংস্কাৰ সম্পন্ন হোৱা বাঞ্ছনীয় । পিতৃয়ে

সন্তানৰ আগত মাদক দ্ৰব্য সেৱন, গালি-গালাজ, মাৰ-পিট আদিৰ পৰা

বিৰত থাকিব লাগিব । সন্তানক সহানুভূতিশীল, দয়া ,পক্ষপাতহীনতা, ন্যায়-

অন্যায় বিচাৰ আদিৰ প্ৰতি উৎসাহিত কৰি তুলিব লাগিব। 

            বিদ্যালয়ৰ পাঠ্যক্ৰম নিৰ্মাণ কৰোতে পাঠ্যপুথিত নৈতিকতাৰ পাঠ

অধিক অন্তৰ্ভুক্ত কৰিব লাগিব । শিশুৰ চৰিত্ৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা

পালন কৰে শিক্ষকে । প্ৰথমে শিক্ষক গৰাকী সৎ চৰিত্ৰবান, নিষ্ঠাবান হ’ব

লাগিব । নিজৰ দায়িত্ব আন্তৰিকতাৰে পালন কৰিব লাগিব । কাৰণ শিক্ষকৰ

আদৰ্শ শিক্ষাৰ্থীয়ে বহুক্ষেত্ৰত অনুকৰণ কৰে । নৈতিকতা, সমাজ সংগঠক

হিচাপে শিক্ষাৰ্থীক গঢ়ি তুলিব লাগিব। আজি প্ৰায়েই দেখা যায় স্কুলীয়া

ল’ৰা-ছোৱালীৰ হাতত মোবাইল ফোন । মোবাইলৰ অপ্ৰয়োজনীয়

ব্যৱহাৰেও প্ৰজন্মৰ স্খলনত হাত বাউলী মাৰে । সহজতে পোৱা অশ্লীল

ছবিবোৰ দেখি দেখি অসামাজিক কামৰ প্ৰতি উৎসাহিত হৈছে। 

        সমাজ পুনৰ গঠন কৰিবলৈ অভিভাৱক, শিক্ষক, সামাজিক মুধা ফুটা

ব্যক্তি অধিক মূল্যবোধ হোৱাৰ উপৰিও শিশুসকলৰ মানসিকতাৰ পৰিৱৰ্তনৰ

বাবে সামাজিক কাৰ্যত অধিকতৰ জড়িত হ’বলৈ উৎসাহিত কৰিব লাগিব ।

যান্ত্ৰিকতাৰ পৰা ফালৰি কাটি পুথি অধ্যয়নৰ সুযোগ কৰি দিব লাগিব।

নহ’লে এদিন সমাজ বুলিবলৈ একো নাথাকিব ।

 

        — এন হক (জান)  

      ভ্ৰাম্যভাষ-৯১০১৮২৮১৫৯

Related posts