বড়ো জনজাতিক সন্ত্ৰসবাদী দল আখ্যা দিয়া বিৰুদ্ধে বড়ো ছাত্র ঐক্য তীব্ৰ প্ৰতিবাদ

Sharing is caring!

নেহৰু পাৰ্কৰ সন্মুখত বড়ো জনজাতিক সন্ত্ৰসবাদী দল

আখ্যা দিয়া বিৰুদ্ধে বড়ো ছাত্র ঐক্য তীব্ৰ প্ৰতিবাদ


অসম খবৰ@ডিজিটেল ডেস্ক, গুৱাহাটী, ৩ জুন :- আজি সমগ্র ভাৰতবৰ্ষৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা বড়ো ছাত্র ঐক্যই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে দুগৰাকী ইতিহাসবিদ সাহিত্যিক বিৰুদ্ধে । বড়ো ছাত্র ঐক্যই প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত উল্লেখ কৰে ভাৰতৰ ইতিহাসবিদ ৰমিলা থাপাই নিজৰ Ancient indian social history some interpretation নামৰ গ্ৰন্থ খনৰ ৩৭৮ নম্বৰ পৃষ্ঠাত বড়ো জনজাতিক সন্ত্ৰসবাদী দল বুলি অভিহিত কৰি প্ৰকাশ কৰে । এনে কাৰ্যক আৰু প্ৰকাশকৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰা লগতে প্ৰতিবাদ সাব্যস্ত কৰি সাহিত্যিক গৰাকীৰ এনে কাৰ্যক গৰিহণা দিয়ে । ইফালে আন এজন সাহিত্যিক সঞ্জয় হাজৰিকাৰ নিজৰ নতুনকৈ প্ৰকাশ পোৱা Strangers no more নামৰ গ্ৰন্থ খনৰ ১৮৭ নম্বৰ পৃষ্ঠাত প্ৰকাশ কৰে ২০০৮ চনৰ ৩০ অক্টোবৰত গুৱাহাটীৰ গণেশগুৰিত সন্দেহজনক এন ডি এফ বিৰ দ্বাৰা হোৱা বোমা বিস্ফোৰণৰ ঘটনাৰ বাবে সমগ্ৰ বড়ো জনজাতি জগৰীয়া বুলি উল্লেখ কৰি প্ৰকাশ কৰা কাৰ্যক তীব্ৰ বিৰোধীতা কৰে ছাত্র সংগঠনটোৱে । লগতে সাহিত্যিক গৰাকীক ৰাজহুৱা ক্ষমা খুজিবলৈ তেওঁলোকে দাবী জনাই । ইফালে সাহিত্যক দুগৰাকীৰ দুই খন গ্ৰন্থ বিক্ৰী আৰু প্ৰচাৰ বন্ধ দাবীত আজি গুৱাহাটী নেহৰু পাৰ্কৰ সন্মুখত কটন বিশ্ববিদ্যালয়, বড়োলেণ্ড বিশ্ববিদ্যালয় ,আই আই টি মাদ্ৰাজ, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ, লগতে গুৱাহাটীৰ বিভিন্ন মহাবিদ্যালৰ প্ৰায় শতাধিক বড়ো ছাত্র- ছাত্ৰী, গৱেষক ছাত্র, সমাকৰ্মী, আদিয়ে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

Related posts