নলবাৰীত টীম বাইকাৰ্ছ ইউনাইটেডৰ উদ্যোগত হেলমেটৰ সজাগতা সভা আৰু বাইক ৰেলী

Sharing is caring!

নলবাৰীত টীম বাইকাৰ্ছ ইউনাইটেডৰ উদ্যোগত

হেলমেটৰ সজাগতা সভা আৰু বাইক ৰেলী

 

অসম খবৰ@ নলবাৰী,৩ জুন :-  টীম বাইকাৰ্ছ ইউনাইটেড,অসমৰ উদ্যোগত অাৰু বাইকাৰ্ছ ব্ৰাডাৰহুদ,নলবাৰীৰ সহযোগত নলবাৰীৰ ভাঙুৰা গোঁষাই থানত অাজি এটা “নো হেলমেট নো পেট্ৰল”ৰ সজাগতা সভা অনুষ্ঠিত হয় । অাজিৰ এই অনুষ্ঠানত নলবাৰী সদৰ ভাৰপ্ৰাপ্ত অাৰক্ষী বিষয়া বদৰুল ইছলাম,কমাৰকুছি অাৰক্ষী চকীৰ বিষয়া জগদীশ কলিতা,নলবাৰী যান-বাহন শাখাৰ ৰবীন তালুকদাৰ উপস্হিত থাকে।উল্লেখ্য যে টীম বাইকাৰ্ছ ইউনাইটডৰ প্ৰথম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অসম বিভিন্ন প্ৰান্তৰ বাইকাৰ্ছে ৰেলিৰে অাহি অংশ গ্ৰহণ কৰে ।

Related posts