গুৱাহাটীৰ মাছখোৱা মজজিদত পৱিত্ৰ ইফতাৰ সম্পন্ন

Sharing is caring!

গুৱাহাটীৰ মাছখোৱা মজজিদত পৱিত্ৰ ইফতাৰ সম্পন্ন


অসম খবৰ@ জাহিদুল ইছলাম, গুৱাহাটী, ৩ জুন : পৱিত্ৰ ৰমজান উপলক্ষে গুৱাহাটীৰ মাছখোৱাস্থিত ৩ নং মজজিদত এক বিশেষ ইফতাৰ পাৰ্টি আয়োজন কৰা হয় । উক্ত ইফতাৰ পাৰ্টি হিন্দু , মুছলমান দুয়ো সম্প্ৰদায়ৰ লোকৰ মাজত ভাতৃত্ববোধৰ এনাজৰীডাল অধিক শক্তিশালী কৰি তোলাৰ উদেশ্যৰে আজি বিশেষভাবে আয়োজন কৰা হয় । অনুষ্ঠানত মৌলানা চাহাবে সকলোৰে মাজত শান্তি সম্প্ৰীতিৰ জৰীডাল সুন্দৰকৈ বৰ্তি থাকিবৰ বাবে আল্লাৰ ওচৰত দোৱা মাগে । উক্ত ইফতাৰ অনুষ্ঠানত তিনিশৰ পৰা চাৰিশ মান লোকে একেলগে একেলগে ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰে । বিভিন্ন ধৰণৰ ফল – মূল আৰু সু-স্বাদু খাদ্য সামগ্ৰীৰে ইফতাৰ গ্ৰহণ কৰাৰ লগতে দুখীয়া-দৰিদ্ৰ লোককো অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হয় । ইফতাৰৰ শেষত সকলোৱে একেলগে নামাজ পঢ়ে অনুষ্ঠানৰ সামৰণি মাৰে ।

Related posts