মৰাণ ষ্টাদি পইন্টৰ সফলতা

Sharing is caring!

মৰাণ ষ্টাদি পইন্টৰ সফলতা


অসম খবৰ@শান্তনু কোঁৱৰ,মৰাণ,৪ জুন:-   ২০১৪ বৰ্ষত প্ৰতিষ্ঠা হোৱা মৰাণৰ অন্যতম অগ্ৰণী টিউচন চেন্টাৰ STUDY POINT এ এই বৰ্ষও সফলতাৰ ধাৰা অব্যাহত ৰাখিছে । সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত study point কেন্দ্ৰত অধ্যয়ন কৰা ৬ (বাণিজ্য শাখা) জন ছাত্ৰ-ছাত্ৰী প্ৰথম বিভাগত উত্তীৰ্ণ হৈ এই সফলতাৰ ধাৰা  অব্যাহত ৰাখে। কেন্দ্ৰ সঞ্চালক অংশুমান চাহুৱে জানিবলৈ দিয়া মতে এইবাৰ ফলাফল ভবাতকৈ কম যদিও সাফল্যৰ ধাৰা বৰ্তাই ৰখা ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট পৰিশ্ৰম কৰি এই ফলাফল প্ৰদান কৰিছে । ইফালে ২০১৭ বৰ্ষৰ পৰা মৰাণৰ সমীপৱৰ্তী চেপনতো ইয়াৰ এটা শাখা অাৰম্ভ কৰা হৈছে । চেপন কেন্দ্ৰত অধ্যয়ন কৰি সফলতা অৰ্জন কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এঘাৰজন ছাত্ৰ-ছাত্ৰীক ২ জুন তাৰিখে সম্বৰ্ধনা জনোৱা হয় । চেপন কেন্দ্ৰৰ জয়ন্ত চাংমাইৰ দ্বাৰা অাঁত ধৰা অনুষ্ঠানটিত উপস্থিত থাকে সংবাদকৰ্মী জিতেন ডেকা, ধৰ্ম ফুকন, কুলেশ তালুকদাৰকে ধৰি বহুজন লোক উপস্থিত থাকে।

Related posts