বিশিষ্ট সমাজকৰ্মী, ৰাজনীতিবিদ স্বৰূপ চন্দ্ৰ মহনৰ বিয়োগ

Sharing is caring!

বিশিষ্ট সমাজকৰ্মী, ৰাজনীতিবিদ স্বৰূপ চন্দ্ৰ মহনৰ

বিয়োগ

  • সমগ্ৰ মাহমৰা, বিশ্ৰামপুৰ অঞ্চলত শোকৰ ছাঁ

(বিশ্ৰামপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অন্তিম বিদায়ৰ মুহূৰ্তত…)

অসম খবৰ@(অসীম জ্যোতি ফুকনৰ ফেচবুক প’ষ্টৰ পৰা) মাহমৰা,বিশ্ৰামপুৰ,৪ জুন :-  বিশিষ্ট সমাজকৰ্মী,শিক্ষক তথা ৰাজনীতিবিদ মাহমৰা সমষ্টিৰ বিশ্ৰামপুৰ অঞ্চলৰ জজলী গাওঁৰ নিবাসী স্বৰূপ চন্দ্ৰ মহনৰ বিয়োগ ঘটে । যোৱা কিছুদিন ধৰি বিভিন্ন ধৰণৰ অসুখত ভুগি থকা মহনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলৰ লোকৰ মাজত শোকৰ ছাঁ পৰে ।

(বিশ্ৰামপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অন্তিম বিদায়ৰ মুহূৰ্তত…)  এগৰাকী বিশিষ্ট সমাজকৰ্মী তথা প্ৰবীন কংগ্ৰেছ ‌কৰ্মী স্বৰূপ চন্দ্ৰ মহন দেৱৰ বিদায় বেলাত বিভিন্নজনে দুখৰ সমভাগী হৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে । তেওঁ বিশ্ৰামপুৰ অঞ্চলটোৰ বিভিন্ন ধৰণৰ সামাজিক ক্ষেত্ৰৰ লগতে বিশেষকৈ শিক্ষকতা সৈতেও জড়িত হোৱাৰ উপৰিও তেওঁ বহুকেইখন বিদ্যালয়ৰ প্ৰতিষ্ঠাতা হিচাপেও অঞ্চলটোৰ হকে কাম কৰি আহিছিল ।
বিশ্ৰামপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অন্তিম বিদায়ৰ মুহূৰ্তত…  বিশেষকৈ তেওঁ ৰাজনৈতিক ক্ষেত্ৰৰ সৈতেও ওতঃপ্ৰোত ভাৱে জড়িত হৈ বহুবোৰ কাম কৰি আহিছিল । তেওঁৰ মৃত্যুত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক সুৰুয দিহিঙীয়া দেৱৰ লগতে তেওঁৰ গুণমুকদ্ধ বহুজন লোকে শেষবাৰৰ বাবে শ্রদ্ধা নিবেদন জনায় । মৃত্যুৰ সময়ত তেওঁ পৰিয়ালত পুত্ৰ বোৱাৰী , নাতি নাতিনিসহ ইহ সংসাৰত বহুজনক এৰি থৈ গৈছে ।
বিশ্ৰামপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অন্তিম বিদায়ৰ মুহূৰ্তত…

Related posts