সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো বিশ্ব পৰিৱেশ দিৱস পালন

Sharing is caring!

যোৰহাটত বিশ্ব পৰিৱেশ দিৱস পালন
———————————

অসম খবৰ@যোৰহাটৰ পৰা নেকিব আহমেদ,৫ জুন :-  ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে যোৰহাটতো আজি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। যোৰহাট সদৰ আৰক্ষী থানা , শঙ্কৰদেৱ বিদ্যাপীঠ, নামদেঊৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, কুহুমযোগনীয়া প্ৰাথমিক বিদ্যালয়, যোৰহাট জিলা বন প্ৰাধিকাৰী বিষয়াৰ কাৰ্য্যালয়, যোৰহাট আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ লগতে বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে পৰিৱেশ দিৱস উদযাপন কৰে। যোৰহাট আঞ্চলিক বন বিষয়া গৰাকীয়ে জানিব দিয়া মতে কাৰ্য্যালয়ৰ পৰা মূঠ চাৰি হাজাৰ গছ পুলি ৰাইজৰ মাজত বিতৰণ কৰা লগতে এলেংমৰা সোনাৰী গাও উচ্চ মাধ্যমিক বিদ্যালয়ত গছ পুলি ৰোপন আৰু সজাগতা সভা অনুষ্ঠিত কৰে। সভাতে ১০০ জোপা গছ পুলি বিতৰন কৰা হয়। আনহাতে বন প্ৰাধিকাৰী বিষয়াৰ কাৰ্য্যালয়তো এহেজাৰ জোপা গছ পুলি বিতৰন কৰা লগতে জিলা খনৰ পাচ স্থানত সজাগতা সভা অনুষ্ঠিত কৰি ৰাইজক পৰিৱেশ সুৰক্ষাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাই। যোৰহাট সদৰ আৰক্ষী থানাতো ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমেন দাসৰ লগতে আন আন আৰক্ষী বিষয়া সকলৰ উপৰি পূৰ্ব ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দেবাহুটি বৰাই পৰিৱেশ দিৱসৰ উপলক্ষে থানাৰ চৌহদত একোটাকৈ গছ পুলি ৰোপন কৰে। চক্ৰ বিষয়া দেবাহুটি বৰাই সাংবাদিকৰ আগত কয় যে কেৱল আজিৰ দিনটোতে এটি গছৰ পুলি ৰুই পৰিৱেশ দিৱস পালন কৰিলেই আমাৰ দায়িত্ব শেষ হৈ নাযায় । পুলিটো গছ হোৱালৈকে আমাৰ দায়িত্ব থাকে । বৰ্তমানে গোলকীয় উষ্ণতা বৃদ্ধি, প্ৰদূষণ বৃদ্ধি আৰু জলবায়ু সঘনাই হোৱা পৰিবৰ্তনে পৃথিৱীলৈ ভাবুকি কঢ়িয়াই আনিছে । সেইহে এতিয়া বৃক্ষ ৰূপনেহে এনেবোৰ সমস্যা সমাধান কৰিব পাৰে । সেইহে আমি সকলোৱে গছৰ পুলি ৰুই প্ৰতিপাল কৰিব লাগে বুলি তেওঁ উল্লেখ কৰে । আনহাতে যোৰহাট চেমফৰ্ড বিদ্যালয়ৰ গড়মূৰ নৱনির্মিত চৌহদত জ্যোতি চিনে ক্লাব আদি কেইবাটাও অনুষ্ঠানে বিশ্ব পৰিৱেশ দিৱস পালন কৰে । যোৰহাট জিলা উপায়ুক্ত নাৰায়ণ কোঁৱৰে বৃক্ষ আৰু পৰিৱেশ দিৱসৰ সন্দৰ্ভত সেই অনুষ্ঠানতে বক্তব্য আগবঢ়ায় । উত্তৰ পশ্চিম যোৰহাটৰ আগশাৰীৰ শিক্ষানুষ্ঠান শঙ্কৰদেৱ বিদ্যাপীঠত ছাত্ৰ ছাত্ৰী সকলে পৰিবেশ সেউজীয়া কৰণৰ বাণীৰে এক শোভাযাত্ৰা উলিয়াই। এক সভাত বিদ্যালয় খনৰ প্ৰধান শিক্ষক দুৰ্লভ বৰাই কয় যে পৰিবেশ থাকিলেহে মানুহ থাকিব। সেউজী ধৰিত্ৰীয়ে নিৰ্মল বতাহ যোগান ধৰা লগতে প্ৰকৃতিৰ ভাৰসাম্য অটুট ৰাখিব পাৰে। ছাত্ৰ ছাত্ৰী সকলৰ মাজত পৰিবেশ সম্পৰ্কীয় কুইজ বক্তৃতাও অনুষ্ঠিত কৰা হয়। ইয়াৰোপৰি অসম জাতীয়তাবাদী যুৱ পৰিষদে পাৱনা গাওঁ আৰু সুতুৰিয়া সংযোগী পথ মেৰামতি কৰা লগতে গছ পুলি ৰোপন কৰে।

Related posts