চাও লুং ছ্যুকাফাৰ মৈদামত লোহাৰ বেৰা স্থাপন

Sharing is caring!

চাও লুং ছ্যুকাফাৰ মৈদামত লোহাৰ বেৰা স্থাপন


 

অসম খবৰ@শান্তনু কোঁৱৰ, মৰাণ ৫ জুন :-১২২৮ খ্ৰীঃত পাটকাই গিৰিপথেদি অাহি এই সৌমাৰখণ্ডত বৰ অসমৰ ভেটি স্থাপন কৰা বৰ অসমৰ প্ৰথমজন স্বৰ্গদেউ চাওলুং ছ্যুকাফাৰ মৈদামত সদৌ অসম কোঁৱৰ বংশাৱলীৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত অাৰু কীতিচিহ্ন সংৰক্ষণ সমিতিৰ সহযোগত লোহাৰ বেৰা স্থাপন কৰা হয় । যোৱা ৩ জুন তাৰিখে চৰাইদেউ জিলাৰ ৰজাবাৰীত অনুষ্ঠিত হোৱা এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠানৰে সৈতে এই বেৰা স্থাপন কৰা হয়। অাজিকোপতি উপেক্ষিত অাৰু অৱহেলিত ৰূপত থকাটো বিচাৰ্যৰ বিষয়। এইখিনিতে উল্লেখ্য যে চৰাইদেওৰ মৈদাম ক্ষেত্ৰৰপৰা মাত্ৰ ১:৮ কি:মি দূৰত্বত অৱস্থিত এই মৈদামক পৰ্যতন বিভাগে মাত্ৰ এখন বাঁহৰ জেওৰা দিয়ে দায়িত্ব সামৰিছিল। যি সময়ত অসমত পৌৰাণিক কীৰ্তিচিহ্ন সমুহ সংৰক্ষণৰ বাবে কোটি কোটি টকা অাবন্টিত হৈ অাহিছে তেনে সময়ত স্বৰ্গদেও ছ্যুকাফাৰ মৈদামটো অৱহেলিত ৰূপত থকাটো অসমীয়া জাতিৰ বাবে দূৰ্ভাগ্যজনক বুলি গৃহিত হৈছে। অসমীয়া জাতিৰ প্ৰাণ প্ৰতিস্থাতা ছ্যুকাফাৰ মৈদামটো দ’লবাগান তিনিঅালি সমীপৰ ৰজাবাৰীৰ কাষতে অৱস্থিত, কিন্তু তথাকথিত জাতীয় সংগঠনসমুহে কোনোধৰণৰ গুৰুত্ব অাৰোপ কৰা অাজিকোপতি দেখা নগ’ল। ইফালে অাহোমসকলৰ প্ৰথমজন অাৰাধ্য দেৱতা লাংকুৰীৰ দেওশালখনো অতি দুৰ্ভাগ্যজনক ভাৱে অৱহেলিত ৰূপত পৰি অাছে। উক্ত সভাত সদৌ অসম কোঁৱৰ বংশাৱলীৰ সমুহ বিষয় ববীয়া উপস্থিত থকাৰ লগতে সদৌ অসম কোঁৱৰ বংশালীৰ নৱ-নিৰ্বাচিত বিষয় ববীয়াক দায়িত্ব অৰ্পন কৰা হয়। স্থানীয় ৰাইজৰ সহযোগত অনুস্থিত উক্ত অনুষ্ঠানত সদৌ অসম কোঁৱৰ বংশাৱলীৰ সমুহ জিলা সমিতিৰ বিষয় ববীয়াৰ লগতে সভাত উপস্থিত থাকে কুশল কোঁৱৰ, পুতুল কোঁৱৰ, ৰাজীৱ ৰাজকোঁৱৰ (অৰবিন্দ ৰাজখোৱা), মনোৰঞ্জন কোঁৱৰ, দিলীপ কোঁৱৰ, পৰাগ কোঁৱৰ, অতুল কোঁৱৰ, সুৰেন্দ্ৰনাথ কোঁৱৰ, বিশ্বজিত কোঁৱৰ অাদিকে ধৰি বহুজন জেষ্ঠ বংশধৰ।

Related posts