কুমাৰীকাটাত একল অভিযানৰ আচাৰ্য্য প্ৰাথমিক প্ৰশিক্ষণ শিবিৰ আৰম্ভ

Sharing is caring!

কুমাৰীকাটাত একল অভিযানৰ আচাৰ্য্য প্ৰাথমিক

প্ৰশিক্ষণ শিবিৰ আৰম্ভ


 

অসম খবৰ@ ধীৰজ উপাধ্যায় , কুমাৰীকাটা, ৭ জুন:-
বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা জুনিয়ৰ কলেজত ৫ জুন ২০১৮ ইং তাৰিখৰ পৰা ৯ জুন ২০১৮ ইং তাৰিখলৈ ৫ দিনীয়া কাৰ্য্যসূচী হাতত লৈ (Friends of Traibel Socaity )একল অভিযানৰ আচাৰ্য্য প্ৰাথমিক প্ৰশিক্ষণ বৰ্গ আয়োজন কৰা হৈছে । য’ত ৪০ খন গাঁৱৰ পৰা আচাৰ্য্য নিযুক্তি দিহে তেওঁলোকক একল অভিযানৰ প্ৰশিক্ষণ দিয়া হৈছে। উক্ত প্ৰশিক্ষণত নাগ্ৰীজুলী, গোৱাবাৰী, কাউলী, আৰু কুমাৰীকাটা আৰু বহুতো গাঁৱৰ আচাৰ্য্য সকলে এই প্ৰশিক্ষণত ভাগ লয় । সম্পূৰ্ণ ভাৰতবৰ্ষতে একল অভিযানৰ মাধ্যমত এক লাখ বিদ্যালয় খোলাৰ লক্ষ্য লোৱা হৈছে, যত নেকি বৰ্তমান ৬০ হাজাৰ বিদ্যালয় চলি আছে । একল অভিযানৰ মাজতে পতঞ্জলিৰ বাক্সা জিলাৰ যুৱ প্ৰভাৰী তৰুণ বিশ্বাস এ যোগ শিবিৰৰ ও প্ৰশিক্ষণ দিলে । বিশ্ব হিন্দু পৰিষদৰ এটা শাখা হিচাপে এইবাৰ বাক্সা জিলাৰ কুমাৰীকাটাত একল বিদ্যালয়ৰ মাধ্যমত পুনৰবাৰ ভাৰতীয় সংস্কৃতিক জীয়াই ৰাখিবলৈ , নৈতিক শিক্ষাৰ মাধ্যমত শিক্ষা দান দিয়াৰ বাবে কুমাৰীকাটাৰ ভিতৰুৱা অঞ্চলৰ প্ৰায় ৪০ জন আচাৰ্য্যক প্ৰশিক্ষণ দিয়া হৈছে । এই অভিযানত কাৰ্য্যকৰ্তা সকলে ওতঃপ্ৰোত ভাৱে কাম কৰি আছে । একল বিদ্যালয়ৰ মাধ্যমত গাঁৱৰ উন্নয়ন মুলক কামত আগভাগ লোৱা হৈছে।

Related posts