বিহালী গ্ৰীণ চচাইটিৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস উদযাপন

Sharing is caring!

বিহালী গ্ৰীণ চচাইটিৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস

উদযাপন


অসম খবৰ@ ডিজিটেল ডেস্ক©বিশ্বনাথ,বিহালী ৬ জুন:– “আমি বিহালীত থাকি বিশ্বৰ পৰিবেশৰ কথা ভাবিছো । প্ৰতি বছৰে ৰাষ্ট্ৰসংঘই প্ৰদূষণ কৰা একোটা একোটা বিষয়ৰ ওপৰত সজাগ হ’বলৈ এই দিৱস পালন কৰিবলৈ দিয়ে, এই বাৰ প্লাষ্টিকৰ প্ৰতিৰোধৰ ওপৰত গুৰুত্ব দিছে । আজি আমি প্লাষ্টিকৰ প্ৰতিৰোধ কৰিবলৈ সজাগতা সভা পাতি , কিন্তু আমি হাতত প্লাষ্টিকৰ পানীৰ বটল লৈ এই সজাগতা সভা পাতিছো”— এই বক্তব্য নিদিষ্ট বক্তা তথা ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা ড° সঞ্জীৱ উপাধ্যায়ৰ । কাৰ্যসূচী মতে পুৱা ১১ বজাত তিনি গৰাকী বয়োজেষ্ঠ ব্যক্তিৰ দ্বাৰা বৃষৰোপন,কৰে ক্ৰমে কমলেশ্বৰ বৰা, মুহিধৰ বৰা, আৰু ধৰ্মেশ্বৰ বৰাই । সমগ্ৰ বিশ্বৰ বাসীৰ লগতে বুধবাৰে বিহালীৰ প্ৰকৃতি প্ৰেমী সংগঠন গ্ৰীণ চচাইটিয়েও বিশ্ব পৰিবেশ দিৱসত বৃক্ষৰোপন কৰে । বৰালি মৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গন ,ড° ভূপেন হাজৰিকা মুকলি মঞ্চ, পূব বিহালী সমবায় সমিতি, বেদেতীৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, এই বৃক্ষৰোপণৰ শুভ উদ্বোধন কৰে জেষ্ঠ নাগৰিক -কমলেশ্বৰ বৰা, মুহিধৰ বৰা, আৰু ধৰ্মেশ্বৰ বৰাই । দূপৰীয়া চচাইটিৰ পৰিবেশ সজাগতা সভা অনুষ্ঠিত হয় ,মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে জে চি আয়ুক্ত মেজৰ বি চি বড়োৱে ,আৰু তেখেতে তত্বগধুৰ বক্তব্য দাঙি ধৰে । সভাত বিহালী আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক অৰূপ তামুলীয়েও ভাষণ প্ৰসংগত কয় , “১৯৭২ চনত প্ৰথমে বিশ্ব স্বাস্থ্য সংঘই বিশ্ব পৰিবেশ দিৱস পালন কৰিছিল তাৰ পিছত আজিও এই দিৱস বিশ্ববাসীয়ে উদযাপন কৰি আহিছে “ । অন্যহাতে সজাগতা সভা খন উদ্বোধন কৰে পূব শোণিতপুৰ বন সংমণ্ডলৰ সহকাৰী প্ৰাধিকাৰী পি কে বাৰমাই ।সম্বোধিত্ অতিথি আসন অলংকৃত কৰে কৃতিশিক্ষক মনোহৰ কুৰ্মী, ম: আলি হুছেইন, নৰেশ্বৰ বৰায়ে । প্ৰেমলাল গঞ্জুয়ে সভাপতিত্ব কৰা সভা খনত শুভাৰম্ভণি গীত পৰিবেশন কৰে বেদেতী কস্তুবা আশ্ৰমৰ সেবিকা দুগৰাকীয়ে প্ৰচাৰ সম্পাদক খগেন মটকে আঁত ধৰা সভা খনত অংশ গ্ৰহণ কৰে গ্ৰীণ চচাইটিৰ হলধৰ দাস, মণিৰাম নাথে , দেৱকান্ত খেৰুৱাৰ সঞ্জীৱ লুইটেল, মণিৰাম নাথ, ইন্দ্ৰ বৰুৱা, পৰশু শৰ্মা, বিহালী যুব পৰিষদৰ সভাপতি গোপাল উপাধ্যায় কবি হুকুম গৌতম, সমাজ মৰ্মী প্ৰমেন শৰ্মা, আদিয়ে । শলাগৰ শৰাই আগবঢ়াই খগেন মটকে ।

Related posts