বিহালীৰ সাংবাদিক-ছাত্ৰ নেতাৰ উদ্যোগত ব্যৱসায়িকভিত্তিত ”অৰন্য নাৰ্চাৰী” মুকলি

Sharing is caring!

বিহালীৰ সাংবাদিক-ছাত্ৰ নেতাৰ উদ্যোগত

ব্যৱসায়িকভিত্তিত ”অৰন্য নাৰ্চাৰী” মুকলি


অসম খবৰ@ বিহালী পৰা ত্ৰিদিপ দাসৰ ৰিপৰ্ট ৭ জুন :-
আজি বিহালীৰ বৰগাংৰ এচ.আৰ পেট্ৰ’ল ডিপোৰ সন্মুখত ‘অৰন্য’ নামৰ এখন নাৰ্চাৰী আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । গছপুলি, ফল-মূল আৰু বিভিন্ন প্ৰজাতিৰ ফুলৰ ব্যৱসায়িকভিত্তিক নাৰ্চাৰী খনৰ পৰা সংগ্ৰহ কৰিব পৰাকৈ উপলব্ধ । সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বব্যাপি তীব্ৰ হাৰত গোলকীয় উষ্ণতা বৃদ্ধি পাবলৈ ধৰিছে । জীৱ শ্ৰেষ্ঠ মানৱ জাতিৰ অসচেতনতাৰ ফলস্বৰূপে ক্ৰমাৎ প্ৰাকৃতিক পৰিবেশ ভাৰসাম্যহীন পৰিছে । সেই সময়তে, বিহালীৰ যুৱ সাংবাদিক দিগন্ত শইকীয়া ,সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলাৰ সম্পাদক অজিৎ কুৰ্মী, যুৱ ব্যৱসায়ী সোনমনি মহন্ত আৰু সচেতন যুৱক পাপু শৰ্মাৰ ব্যতিক্ৰমী প্ৰচেষ্ঠাত বিহালীৰ বৰগাংত মুকলি হোৱা অৰণ্য নামৰ নাৰ্চাৰীখন আজি অনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে আাসাম প্ৰেছ ক’ৰেছপণ্ডেন্ট ইউনিয়ন চমুকৈ আপকুৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক প্ৰধান তথা সাংবাদিক হেমন্ত শইকীয়াই । উদ্ধোধনী অনুষ্ঠানৰ স’তে সংগতি ৰাখি অনুষ্ঠিত হোৱা সভাত বিহালী স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জীৱন চন্দ্ৰ নাথ, বিহালী প্ৰেছ ক্লাবৰ সভাপতি বিৰেন্দ্ৰ‌ নাথ গোস্বামী, প্ৰাক্তন বন বিষয়া পশুপতি কানু, সমাজকৰ্মী দেৱকান্ত খেৰুৱা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বৈশাকু ৰয় আৰু বিশ্বনাথ জিলা আপকুৰ সভানেত্ৰী প্ৰনীতা ৰায় ভূঞাই বিশ্ব পাৰিপাৰ্শ্বিক পৰিস্থিতি আৰু জীৱকুলৰ প্ৰতি অহা প্ৰৱল ভাবুকি বিষয়ক বহল বাখ্যা আগবঢ়াই ৷ উদ্ধোধক হেমন্ত শইকীয়াই বক্তব্যত কয় , যি সময়ত সমগ্ৰ বিশ্বৰ সমান্তৰালভাৱে বিশ্বনাথ জিলাতো ক্ৰমাৎ গছ গছনিৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে ৷ গছ গছনিৰ সংখ্যা হ্ৰাসৰ ফলত মানৱ জাতিৰ বিভিন্ন ৰোগ বৃদ্ধি পোৱাৰ ওপৰিও প্ৰাকৃতিক সমস্যা বৃদ্ধি পাইছে । উদ্ধোধনী অনুষ্ঠানটোত উপস্থিত থকা বিহালী স্নাতক মহাবিদ্যালয় অধ্যক্ষ ড° জীৱন চন্দ্ৰ নাথে কয়, বিশ্বনাথ জিলাৰ যুৱ সাংবাদিক, ছাত্ৰ সংগঠনৰ নেতা আৰু সচেতন যুৱকে সন্মিলিতভাৱে প্ৰচেষ্ঠাৰে ব্যৱসায়িকভিত্তিত মুকলি কৰা নাৰ্চাৰী খনে সমগ্ৰ জিলা খনৰ সাধাৰণ জনতাৰ মাজত সেউজ বিপ্লৱৰ সূচনা কৰিৱলৈ সক্ষম হ’ব ৷ ইফালে, সভাত উপস্থিত থাকে বিশ্বনাথ মহকুমা আছুৰ সম্পাদক মানসজ্যোতি দাস, বিহালী আছুৰ সম্পাদক অৰূপ তামুলী, বিহালী আঞ্চলিক আছাৰ সভাপতি সঞ্জীৱ কুমাৰ তাঁতি,সম্পাদক মংলু চব্বৰ, বিহালী গোৰ্খা ছাত্ৰ সন্থাৰ সম্পাদক মনোজ ঢুঙ্গনা,বিশ্বনাথ জিলা কৃষক মুক্তিৰ সম্পাদক নৱকান্ত দাস,সংগ্ৰামী যুৱ পৰিষদ অসম বিহালীৰ সম্পাদক বিজিৎবিশ্ব বৰুৱা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বিহালীৰ প্ৰাক্তন সম্পাদক অতনু শইকীয়া, বিশ্বনাথ আপকুৰ সভাপতি প্ৰনীতাৰয় ভূঞাঁ,বিহালী প্ৰেছ ক্লাৱৰ সভাপতি বীৰেন্দ্ৰনাথ গোস্বামী,সহকাৰী সম্পাদক খগেন মটক, অধ্যাপক ৰাজীৱ মহন্ত,অধ্যাপক মৃদুল দত্ত, শিক্ষয়ত্ৰী অঞ্জনা বৰা, আদিৰ লগতে বিহালীৰ বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া ও কৰ্মকৰ্তা সকল উপস্থিত থাকে। আনহাতে, এই অনুষ্ঠানৰ আঁত ধৰে নাৰ্চাৰীৰ অন্যতম স্বত্বাধিকাৰী দিগন্ত শইকীয়া আৰু অজিৎ মুদৈয়ে ৷

Related posts