বিশ্বনাথত যোগ দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি

Sharing is caring!

বিশ্বনাথত যোগ দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি

  • কাইলৈৰ পৰা চাৰিদিনীয়াকৈ বিনামূলীয়া যোগ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন


অসম খবৰ@ বিশ্বনাথ চাৰিআলি, ১৫ জুনঃ “সমন্বয় আৰু শান্তিৰ বাবে যোগ” – এই বাণীৰে যোৱা ২০১৫ চনৰে পৰা বিশ্বজুৰি উদযাপিত হৈ আহিছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। দেশৰ অন্যান্য প্ৰান্তৰ লগতে বিশ্বনাথ জিলাতো চতুৰ্থবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আয়োজনৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত আৰু পতঞ্জলি যোগপীঠৰ বিশ্বনাথ জিলা সমিতিৰ সহযোগত অহা ২১ জুনত বিশ্বনাথ কলেজৰ প্ৰেক্ষাগৃহত চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰা হৈছে। সেইদিনা পুৱা ৭ বজাৰ পৰা এই দিৱসৰ মূল কাৰ্যসূচী আৰম্ভ হ’ব। ইয়াৰ পূৰ্বে কাইলৈৰ পৰা চাৰিদিনৰ বাবে বিশ্বনাথ কলেজৰ প্ৰেক্ষাগৃহত যোগ প্ৰশিক্ষণ কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। প্ৰতিদিনে পুৱা ৫-৩০ বজাৰ পৰা এঘণ্টাৰ বাবে চলিবলগীয়া এই কাৰ্যসূচীত পতঞ্জলি যোগপীঠৰ যোগ প্ৰশিক্ষকসকলে যোগাভ্যাসৰ প্ৰশিক্ষণ প্ৰদান কৰিব। সম্পূৰ্ণ বিনামূলীয়া এই প্ৰশিক্ষণত যোগদান কৰি যোগাভ্যাসৰ জৰিয়তে এক সবল শৰীৰ-মনৰ অধিকাৰী হোৱাৰ সুযোগ গ্ৰহণ কৰিবলৈ সমূহ ৰাইজক বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত পাৰিজাত ভূঞাই আহ্বান জনাইছে। উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰাকক্ষণত জনসাধাৰণক যোগাভ্যাসৰ প্ৰতি আগ্ৰহী আৰু পাৰদৰ্শী কৰি তোলাৰ লক্ষ্যেৰে পতঞ্জলি যোগপীঠৰ বিশ্বনাথ জিলা সমিতিয়ে জিলাখনৰ বিভিন্ন এলেকাত ইতিমধ্যেই ২৫ দিনীয়া যোগ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰি আছে। এই শিবিৰসমূহত প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিসকলৰ লগতে জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজ আৰু অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানে ২১ জুনৰ মূল কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই কেন্দ্ৰীয় কাৰ্যসূচীত সমূহ ৰাইজৰ অংশগ্ৰহণ আৰু সহযোগিতা জিলা প্ৰশাসনে কামনা কৰিছে।

Related posts