লেঙেৰী ছাত্ৰ সন্থাৰ উদ্যোগত অভিনন্দন অনুষ্ঠান

Sharing is caring!

লেঙেৰী ছাত্ৰ সন্থাৰ উদ্যোগত অভিনন্দন অনুষ্ঠান


অসম খবৰ@ লেঙেৰী, ১৬ জুন : বিগত বৰ্ষসমূহৰ দৰে উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা অভিনন্দন জনাই অহা হৈছে । এইবাৰো ২০১৮ বৰ্ষত সুখ্যাতিৰে উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা বৃহত্তৰ লেঙেৰী অঞ্চলৰ লগতে ওচৰৰ ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জ্ঞাপন কৰিব বিচৰা হৈছে । অহা ১৮ জুন তাৰিখে বামুনবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত উক্ত অভিনন্দন অনুষ্ঠানটি আয়োজন কৰা হৈছে । সেয়েহে সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থা তথা উদ্যোক্তা মহলে ।

Related posts