সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ বিশেষ অভিন্দন অনুষ্ঠান

Sharing is caring!

সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ বিশেষ অভিন্দন অনুষ্ঠান


খবৰ অসম @ মৃণ্ময় শইকীয়া, জামুগুৰিহাট , ২২ জুন :- শোণিতপুৰ জিলাৰ জামুগুৰিহাটত সদৌ জামুগুৰি ছাত্র সন্থা আৰু জামুগুৰি উন্নতি সভা ৰ সহযোগত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক সম্বৰ্ধনা জনোৱা হয় ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্র সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকী প্ৰমুখ্যে সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল ৷ লগতে অনুষ্ঠান উদ্বোধন কৰে বিপুল শইকীয়াই ৷ আনহাতে দীপাংকৰ শইকীয়াই আঁতধৰা অনুষ্ঠানত সভাপতিত্ব কৰে শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথ ডাঙৰীয়াই ৷ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীক অভিন্দন জনোৱাৰ লগতে প্ৰধান অধ্যক্ষ সকলক সম্বৰ্ধনা জনোৱা হয় ৷ সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক দুলদুল বৰকটকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যি শিক্ষা বিষয়ক মন্তব্য দাঙি ধৰে ৷ ছাত্ৰ-ছাত্ৰী ফালৰ পৰা উদ্দিপ্ত কাশ্যপ আৰু মৃদুষ্মিতা শইকীয়াই সকলোৰে হৈ একাষাৰ বক্তব্য আগবঢ়াই ৷ আনহাতে সাংগঠনিক সভা সম্পাদক প্ৰজ্ঞান ভূঞাৰ প্ৰমুখ্যে শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সম্পাদক নিতুল বৰাই চমু বক্তব্য প্ৰদান কৰে ৷ লগতে জামুগুৰি ষ্টেট বেংকৰ পৰিচালক উপস্থিত থাকে ৷ সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ সভাপতি লক্ষ্যজ্যোতি হাজৰিকা আৰু সম্পাদক পংকজ বৰা , সমিৰন বৰুৱাই বিগত বৰ্ষৰ দৰে এইবোৰ চাৰিশ ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হৈছে বুলি জানিবলৈ দিয়ে ৷ বিষ্ণু ৰাভা গীতৰ এটি সমবেত সংগীতেৰে আৰম্ভ হোৱা সভা খনত জামুগুৰিহাটৰ পৰা নৱনিৰ্বাচিত হোৱা অসম লোক সেৱা আয়োগৰ শ্ৰীমতী অজন্তা নাথক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷ আনহাতে ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মঃ চাহাবুদ্দিন আহমেদে ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যত জীৱনৰ সফলতা তথা জীৱনৰ পথত আগবাঢ়ি যাবলৈ শুভেচ্ছা জ্ঞাপন কৰে ৷ শেষত সদৌ শেষত শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি তথা সভাৰ সভাপতি অভিজিৎ নাথ ডাঙৰীয়াই ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে শিক্ষামূলক বক্তব্য প্ৰদান কৰাৰ লগতে ভৱিষ্যত জীৱনৰ সফলতা কামনাৰে শুভেচ্ছা তথা কৃতজ্ঞতা জ্ঞাপন কৰে ৷

Related posts