আৰম্ভ হ’ল অম্বুবাচী মেলা:সহস্ৰাধিক ভকতৰ সমাগম

Sharing is caring!

আৰম্ভ হ’ল অম্বুবাচী মেলা

অম্বুবাচী প্ৰথম দিনটোতে অগণন ভক্তৰ সমাগম


অসম খবৰ @জাহিদুল ইছলাম, গুৱাহাটী, ২২ জুন :- আজিৰে পৰা আৰম্ভ হ’ল অম্বুবাচী মেলা । অম্বুবাচী মেলা উপলক্ষে শক্তিপীঠ মা কামাখ্যা দেৱালয়ৰ অতি সুন্দৰ কৈ চাৰিওফালে সজাই তোলা পৰিলক্ষিত হৈছে । ভাৰত বৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশৰ

পৰাও কিছু সংখ্যক দৰ্শনাৰ্থী অহা দেখিবলৈ পোৱা গৈছে । ইফালে মা কামাখ্যা পৰিচালনা সমিতিয়ে বিভিন্ন স্থানত দৰ্শনাৰ্থী সকলৰ সুবিধাৰ্থে অস্থায়ী জিৰণি চ’ৰা সুবিধা কৰিছে । উল্লেখযোগ্য যে প্ৰতি বছৰে একো খন পঞ্জিকাৰ তথ্য অনুসৰি মা কামাখ্যা গেট’ বন্ধ আৰু

খোলা হয় । এইবাৰ তেনে বিশ্বাস ওপৰত ভিত্তিক কৰি ২২জুনৰ নিশা ৯:২৭ মিনিট ৪৪ চেকেণ্ডত অম্বুবাচী প্ৰবৃত্তি হ’ব আৰু সেইদিনা সন্ধিয়াতে মন্দিৰৰ মূল গেট বন্ধ হ’ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে মা কামাখ্যাৰ দেৱালয়ৰ মোহিত শৰ্মাই । উল্লেখযোগ্য

যে ভক্ত সকলৰ নিৰাপত্তা আৰু সুবিধাৰ অৰ্থে দেৱালয়ৰ তৰফৰ পৰা লগতে কামৰূপ জিলা প্ৰশাসনৰ আৰু চৰকাৰৰ তৰফৰ পৰাও বিভিন্ন সুবিধা কৰি দিয়াৰ লগতে চাৰিওফালে নিৰাপত্তা ব্যৱস্থা কটকটীয়াকৈ গঢ়ি তোলা হৈছে । মা কামাখ্যা পৰিচালনা সমিতি তৰফৰ

পৰা জানিব পৰা অনুসৰি দেৱালয়ৰ চাৰিওফালে প্ৰায় ৪০০ গোপন কেমেৰা আৰু প্ৰায় ১২০০ স্বেচ্ছাসেৱকৰ ব্যৱস্থা কৰা হৈছে । অহা ২৬ জুন ৭.৫১ মিনিট ৫৮ চেকেণ্ডত অম্বুবাচীৰ নিবৃত্তি হ’ব আৰু সেইদিনাই মন্দিৰৰ মূল দুৱাৰ খোলা হ’ব বুলি মন্দিৰ কৰ্তৃপক্ষই জনাইছে ।

Related posts