ঐতিহ্যমণ্ডিত গাংমৌ থানৰ লগতে লোকপ্ৰিয় হাইস্কুলতো বিশ্ব পাৰিপাৰ্শ্বিক দিৱস উদযাপন

Sharing is caring!

ঐতিহ্যমণ্ডিত গাংমৌ থানৰ লগতে লোকপ্ৰিয় হাইস্কুলতো বিশ্ব পাৰিপাৰ্শ্বিক দিৱস উদযাপন

অসম খবৰ@অম্লান কাশ্যপ,বিহালী , ৫ মে’ :- আজি ঐতিহ্যমণ্ডিত শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত গাংমৌথানত বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি থান পৰিচালনা সমিতিৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত থান খনিৰ চৌহদত ১০০ জোপা তামোল গছৰ পুলি ৰোপণ কৰা হয় । বৃক্ষৰোপণ কাৰ্যসূচীৰ পিচতে থান পৰিচালনা সমিতিৰ সভাপতি স্বৰাজ হাজৰিকাৰ পৰিচালনাত এখন পৰিবেশ সজাগতা সভা অনুষ্ঠিত হয় । সভা পৰিচালনাত সহযোগীতা কৰে সমিতিৰ সম্পাদক পৱন শইকীয়া আৰু কোষেশ্বৰ দাসে । সভাপতি গৰাকীয়ে সভাত অবগত কৰে যে তামোল পুলি সংৰক্ষনে থান খনিলৈ ভবিষ্যতে আৰ্থিক ভাৱে সকাহ দিব | ইফালে বিহালীৰ লোকপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয়তো বিশ্ব পাৰিপাৰ্শ্বিক দিৱস উদযাপন কৰা হয় । আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিহালীৰ লোকপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয়ত এখনি পৰিৱেশ সজাগতা সভা অনুষ্ঠিত হয় । কুশল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ আঁত ধৰে বিদ্যালয় খনৰ প্ৰধান শিক্ষক জয়ন্ত হাজৰিকাই তথা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে হিৰণ্য শৰ্মা  ।

Related posts