পৃথক কমতাপুৰ আৰু জনজাতি কৰণৰ দাবীত বঙাইগাঁও গান্ধী ময়দানত বিশাল গণ সমাবেশ

Sharing is caring!

দিল্লী দিশপুৰত আলোচনা কৰিলে ১হাজাৰ বছৰত জনজাতিকৰণ নহব কোচৰাজবংশীৰ: অখিল গগৈ

অসম খবৰ@বঙাইগাঁও, ২৮ জুন: পৃথক কমতাপুৰ আৰু জনজাতি কৰণৰ দাবীত বঙাইগাঁও গান্ধী ময়দানত বিশাল গণ সমাবেশৰ আযোজন কৰে আক্ৰাছুৱে ৷ উক্ত গণ সমাবেশ উপস্থিত থাকে গ্ৰেটাৰ কোচবিহাৰ পিপুলচ এছোচিয়েশ্যনৰ সম্পাদক, কোচৰাজবংশী সাহিত্য সভাৰ সভাপতি, আমছুৰ সভাপতি, আছাৰ সভাপতি , অখিল গগৈ আৰু বিভিন্ন কোচৰাজবংশী জনগোষ্ঠীৰ দল সংগঠনৰ প্ৰতিনিধি ৷অখিল গগৈ তেওঁৰ ভাষণত কয় কোচৰাজবংশী জনগোষ্ঠী জনজাতি কৰণৰ বাবে দিল্লী দিছপুৰ গৈ লাভ নাই , দিল্লী দিশপুৰ গৈ আলোচনা কৰিলে জনজাতিকৰণ ১০০০ বছৰত নহব বুলি উল্লেখ কৰে ৷ গগৈয়ে কোচৰাজবংশী জনগোষ্ঠীৰ নেতৃত্ব আৰু জনসাধাৰণক জনজাতি কৰণৰ বাবে ৰেলপথ আৰু ৰাষ্ট্ৰীয় ঘাই পথ অবৰোধ কৰিবলৈ আহ্বান জনায় ৷ যদি ৰেলপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে তেন্তে দিল্লী দিছপুৰৰ মানুহ বঙাইগাঁও লৈ দৌৰি আহিব আলোচনা কৰিবলৈ । আৰু জনজাতি কৰণ কৰিবৰ বাবে বাধ্য হব নিদিষ্ট সময়ত ৷ যদি এনে অবৰোধ কাৰ্যসূচী লয় তেন্তে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তিনি মাহ আন্দোলন কাৰ্যসূচী স্থগিত ৰাখি কোচৰাজবংশীৰ আন্দোলনত সহযোগ কৰিব বুলি ঘোষণা কৰে আৰু মডেলিটিৰ পৰা কোচৰাজবংশী নেতৃত্বক আতৰি আহিবলৈ আহ্বান জনায় ৷
আমছুৰ সভাপতি ৰেজাউল কৰিমে ভাষণত কয় যে জনজাতিকৰণ কোচৰাজবংশীৰ জন্মস্বৰ্ত গতিকে অনতিপলমে জনজাতিকৰণ কৰিব লাগে বুলি উল্লেখ কৰে ৷ আক্ৰাছুৰ উপদেষ্টা প্ৰদীপ ৰায় কয় যে কোচৰাজবংশী জনগোষ্ঠীৰ ধৈৰ্য্যৰ পৰীক্ষা নলবলৈ BJP ৰ কেন্দ্ৰীয় আৰু চৰকাৰক সকীয়াই দিয়ে ৷ যদি চৰকাৰে গনতান্ত্ৰিক আন্দোলনৰ ভাষা নুবুজে আৰু অকল অস্ত্ৰ ধৰা সংগঠনৰ ভাষা বুজে তেন্তে কোচৰাজবংশী জনগোষ্ঠী অস্ত্ৰ লৈ আন্দোলন কৰিব সাজু বুলি কয় ৷ গনসমাবেশত উপস্থিত বিভিন্ন অতিথিয়ে নিজ নিজ ভাষণত কয় যে যদি ২০১৯-ৰ আগত জনজাতি কৰণ ঘোষণা নকৰে তেন্তে কোচৰাজবংশী জনগোষ্ঠীৰ অধ্যষুতি এলেকাত বিজেপি ৰ প্ৰবেশ নিষিদ্ধ ঘোষণা কৰিব ৷ আজিৰ প্ৰায় ৮ হাজাৰ কোচৰাজবংশী জনগোষ্ঠীৰ জনসাধাৰণ উপস্থিত আক্ৰাছুই আন্দোলন কাৰ্যসূচীও ঘোষণা কৰে ৷

Related posts