সুবিশাল ব্ৰহ্মপুত্ৰৰ বুকুত

সুবিশাল ব্ৰহ্মপুত্ৰৰ পাৰত

 

   ধৰিত্ৰী শ্ৰাৱণ

                        নিকামূল সত্ৰ, 
                   তেজপুৰ 

 

সেইদিনা হঠাৎ মন গ’ল নিৰবতাক বিচাৰি নিসংগতাৰ আৰত নিজকে লুকুৱাবলৈ। হঠাৎ মন গ’ল নিৰবতাক আকোৱালি লৈ নিসংগতাৰ লগত কিছু মূহুৰ্ত কটাবলৈ।তাকে বিচাৰি পালোগৈ নাতিদূৰতে থকা সুবিশাল ব্ৰহ্মপুত্ৰৰ অবিকল ঢৌৰ কলকলনিৰ মাজত থকা বালিচাপৰৰিৰ পাৰ।আচম্ৱিত কৰি তোলা এক নিৰ্জন শান্ত পৰিবেশ,এক শিহৰিত কৰি তোলা মধুৰ নিৰ্জনতাৰ  পৰিবেশ ।যি প্ৰতি মূৰ্হূততে সকলোকে আকোৱালি লবলৈ দুবাহু মেলি ৰৈ থাকে খন্তেক সময় ধেমালি কৰিবলৈ।এক বিৰল বিস্তৃত পৰিবেশ এক শিহৰিত কৰি তোলা মধুৰ নিৰ্জনতাৰ পৰিবেশ।এজাক প্ৰতিমূহূততে বৈ থকা শীতল গাত ছাতি মাৰি ধৰা পবিত্র বতাহ ।যি যাক বতাহক অনুভৱ কৰিব পৰাতো এক বিৰল অভিজ্ঞতা ।যি দেহৰ ৰন্ধে ৰন্ধে বোৱাই নিব পাৰে নিসংগতা বিহীন এটি শীতল সন্ধআ।যি পাহৰাই পেলাব পাৰে কুলষিত,বকৃত মানসিকতা।এক যেন বহিজাগতিক পৃথিৱী।য’ত আছে কেৱল শান্তি আৰু শান্তি ।

 

 

Related posts