শেষ হৈ যোৱা নাই মানৱতা : দুই দিব্যাংগৰ কাষত যুৱ উদ্যোগপতি…

Sharing is caring!

শেষ হৈ যোৱা নাই মানৱতা

ঋষিৰাজ বৰকটকীৰ মহানুভৱতা

দুই দিব্যাংগৰ কাষত যুৱ উদ্যোগপতি…


অসম খবৰ@ ষ্টাফ ৰিপৰ্টাৰ গহপুৰ পৰা মুন গগৈ
১জুলাই:-  শেষ হৈ যোৱা নাই মানৱতা । দুখ আৰু দুৰ্দশাই হতাশ কৰাজনৰ কাষত থিয় হ’বলৈ এতিয়াও সমাজত আছে একাংশ লোক । জীৱন সংগ্ৰামত হাৰ নমনা বিশেষভাবে সক্ষম দুগৰাকী ছাত্রীক সহায় কৰিবলৈ আগবাঢ়ি আহিছে গুৱাহাটীৰ যুৱ উদ্যোগপতি ঋষিৰাজ বৰকটকী । উল্লেখ্য যে উচ্চ শিক্ষাৰে শিক্ষিত হোৱাৰ দুৰ্বাৰ হেঁপাহ গহপুৰ মহকুমাৰ হাৱাজান নপমুৱাৰ বিশেষভাৱে সক্ষম ছাত্রী উষা দাসৰ। সেয়েহে ৩ কিলোমিটাৰ পথ অতিক্ৰম কৰি অতি কষ্টৰে হাৱাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ অহা-যোৱা কৰে নৱম শ্ৰেণীৰ ছাত্ৰী উষাই । মাক অনিমা দাসে চকুলো মচি কৰে দিন হাজিৰা। দুখৰ পিছত কিজানিবা আহে সুখ । একেখন বিদ্যালয়তে ষষ্ঠ শ্ৰেণীত পঢ়ি থকা ভনীয়েক জীনাও পেঙৰ সহায়ত চলাফুৰা কৰিব লাগে । দুই দিবাংগ কন্যাক এৰি ১২ বছৰ পূৰ্বে গুছি গৈছিল পিতৃ মন্টু দাস। এ এছ টি চিৰ ড্ৰাইভাৰ মন্টু দাসৰ বৰগাঙত আন এখন সংসাৰ।বৃদ্ধ ককাক-আইতাককো চোৱা-চিতা কৰাৰ দায়িত্ব উষা-জিনাৰ মাক অনিমা দাসৰ ৰ ওপৰত।
দুহাতত পেং কিন্তু দুচকুত অযুত সপোন উষা-জীনাৰ। কঠোৰ বাস্তৱৰ মুখামুখি হৈয়ো নিজৰ ওপৰত আত্মবিশ্বাস হেৰুওৱা নাই তেওঁলোকে । গহপুৰৰ সাংবাদিক ভুৱন শইকীয়াৰ মুখত এই পৰিয়ালটোৰ জীৱন সংগ্ৰামৰ কাহিনী শুনি কালি তেওঁলোকৰ হাৱাজানৰ ঘৰলৈ গুৱাহাটীৰপৰা আহে ঝষিৰাজ বৰকটকী আৰু তেওঁৰ সতীৰ্থ প্ৰনৱ বৰদলৈ। তেওঁলোকে উষা-জীনাৰ মাক, ককাক-আইতাকক সাক্ষাৎ কৰি জীৱন যুজঁত সাহসেৰে আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা জনোৱাৰ লগতে আৰ্থিক দিশত কিছু সকাহ দিয়াৰ উদ্দেশ্য নগদ দহ হাজাৰ টকা প্ৰদান কৰে। লগতে ছাত্রী দুগৰাকী বিদ্যালয়লৈ অহা-যোৱা কৰিবৰ বাবে অতি সোনকালে এখন বেটাৰী চালিত ই ৰিক্সা কৰি দিব বুলি প্ৰতিশ্ৰুতি দিয়ে। ইপিনে ডিব্ৰুগড়ৰ ড:অৰুনিমা শইকীয়াও জ্যেষ্ঠ সাংবাদিক ভুৱন শইকীয়াৰ লগত যোগাযোগ কৰি উষা দাসৰ একাউন্টত পাঁচ হাজাৰ টকা জমা কৰিছে।গহপুৰৰ বিপুল গাংগুলীয়েও উষাৰ তিনি মাহৰ টিউচনৰ মাচুলৰ দায়িত্ব লৈছে। উল্লেখ্য যে গুৱাহাটীৰ মানৱদৰদী যুৱক ঋষিৰাজ বৰকটকীয়ে যোৱা বছৰ এক ভয়াৱহ পথ দুৰ্ঘটনাত জীৱনৰ বাবে এটা ভৰি হেৰুৱা গহপুৰ টঙনা গাঁৱৰ ৰমেশ কন্ধ আৰু এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বৰানীপথাৰৰ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্রী তৃষ্ণা নাথকো ৮ হাজাৰ টকা সাহায্য হিচাপে প্ৰদান কৰে। তদুপৰি তৃষ্ণাৰ হোষ্টেলৰ খৰছৰ বাবে মাহে ১৫০০ টকাকৈ দুবছৰলৈ দিয়াৰ দায়িত্ব লৈছে। ইয়াৰ পূৰ্বেও তেওঁ যোৱা ৪ জুনত গহপুৰ মহকুমাৰ অতি দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্র ছাত্রী ক্ৰমে ৰুবু বৰা (ডিপৰা) , ৰুবুল বৰদলৈ (ধোপাবৰ) , হেমন্ত দাস, (দাসপাৰা) গৌতম ফুকন (ডুবিয়া জাৰনি গাঁও) , পূজা বৰুৱা (ধন্দি) ক গাইপতি দহ হাজাৰ টকাকৈ প্ৰদান কৰিছিল।ঋষিৰাজ বৰকটকীৰ এই মহানুভৱতাক গহপুৰৰ সচেতন মহলে শলাগ লৈছে।

Related posts

Leave a Comment