অসমৰ প্ৰতিভাবান বেডমিন্টন খেলুৱৈ অনুশ্ৰিয়া দাস

Sharing is caring!

অসম খবৰ, ৬ জুলাই :

অসম তথা তেজপুৰ নগৰীৰ গৌৰব অনুশ্ৰিয়া দাস বেডমিন্টনৰ একগৰাকী উদীয়মান খেলুৱৈ হিচাপে নিজকে ভাৰতবৰ্ষৰ ভিতৰতে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। ক্ৰীয়া জগতত অতি কম বয়সতে সুনাম অৰ্জন কৰি নিজৰ নাম সোণালী আক্ষৰেৰে স্বাক্ষৰিত কৰিছে।তেজপুৰৰ নতুনপাৰা নিবাসী দীপক দাসৰ দ্বিতীয় কন্যা অনুশ্ৰিয়া দাসে যোৱাবছৰ বিহাৰৰ পাটনাত অনুষ্ঠিত হোৱা বেডমিন্টন আম্পায়ৰৰ পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীন হয়।দৰং মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ ছাত্ৰী অনুশ্ৰিয়া দাসৰ লগতে এই পৰীক্ষাত অসমৰ আৰু দুগৰাকী ক্ৰমে  অৰূপ উপাধ্যায়(তেজপুৰ) আৰু মুনমী বৰুৱা(গোলাঘাট) উৰ্ত্তীন হয়।উক্ত পৰীক্ষাত ভাৰতবর্ষৰ মুঠ ৪৮ জন অবৰ্তীন হৈ তাৰে ৩৭ জন উৰ্ত্তীন হৈছিল।

Related posts

Leave a Comment