এপৃষ্ঠা অনুভৱ আইৰ বাবে…..

এপৃষ্ঠা অনুভৱ আইৰ বাবে…..

 

 আইৰ সতে বহিছিলো জোনাকবিঢৌত নিশাচৰ গছজোপাৰ তলত,মনৰ সূক্ষ্মতাৰ সিটো পাৰে এজাক নিলাজ বতাহে নাঙঠ কৰি তোলা অনুভৱখিনি তেওৰ কোচত পৰি উকমুকাই ফুৰিছিল।আয়ে সুধিছিল,আৱেগিক মৰণৰ এই দুৰ্বিষহ গংগাত সদ্যস্নাতা তোৰ আত্মাই এতিয়াও কিয় ধৰফৰাই আছে,মোৰ ন-মহীয়া গৰ্ভৰ বন্দীত্বত কোনোদিনেই ইমান চটফটনিত ডুবি যোৱাৰ উমান পোৱা নাছিলো!!!

কিদৰে বুজাম তোক আই,যৌৱনৰ ৰাগিত মাতাল হোৱা জীৱনৰ উদ্ভণ্ডালিবোৰ,,বিষাদৰ বৰষুণত জুৰুলি-জুপুৰি হৈ পৰা ভণ্ড মানৱতাৰ অভিনয়বোৰ,আৰু লম্পট যান্ত্ৰিকতাই মানহানি কৰা চৰম একাগ্ৰতাবোধ।সময়ৰ কোবত কোঙা হৈ পৰা এবুকু মৰমবুটলা হিয়াত এঙাৰবোৰো জ্বলি জ্বলি শেষ হৈ যায় ,শুনিবিনে আই তই ভ্ৰষ্ট মনৰ ঘৰ্ষণবোৰ, আৰু ৰাতি ৰাতি বুঢ়া ফেনৰ কেৰ্কেৰনিত মিলিত হৈ যোৱা ঘৰ্মাক্ত সপোনবোৰ।তোৰেই আচলখনৰ অভাৱ অ’ আই…কেনেকৈ বুজাম তোক,নিৰিবিলি তোৰ সেই গৰ্ভৰ প্ৰশান্তি বাহিৰৰ পৃথিৱীত যে নাই…

✍ চয়নিকা ডেকা।

Related posts

Leave a Comment