কাঠফুলা খেতিৰে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে এজন উদ্যমী যুৱকে

কাঠফুলা খেতিৰে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে এজন

উদ্যমী যুৱকে


ছাদিকুজ জামান,

মোৰাঝাৰ,৯৬৭৮০১৫০১৬

যিসময়ত চাকৰি বিচাৰি ৰাজ্যৰ নিৱনুৱাই হাবাথুৰি খাইছে । কাম বিচাৰি বহি:ৰাজ্য বা বহি: ৰাষ্ট্ৰলৈ ঢাপলি মেলিছে ,তেনে এক সময়তে হোজাই জিলাৰ নীলবাগানৰ উওৰ আশীনগৰৰ বাসিন্দা আফতাব উদ্দিন লস্কৰৰ সুযোগ্য সন্তান উদ্যমী যুৱক মস্তাক আহমেদ লস্কৰে কাঠফুলা খেতিৰে উদ্যমীতা বাট দেখুৱাইছে। আপুনি হয়তো মাচৰুম চিনি পাবলৈ সক্ষম হোৱা নাই । যাক কাঠফুলা বুলি কোৱা হয় । কাঠফুলা খেতি কৰি সকলো লোকৰ বাবে এক লাভজনক ব্যৱসায় সেই কথা দাঙি ধৰিছে মস্তাক আহমেদে।তেঁওৰ ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ নাম এম এন নাৰ্চাৰী তথা মাচৰুম ফাৰ্ম, নিজ আশীনগৰত অৱস্থিত, তেওঁ সম্পূৰ্ণভাৱে স্বাধীন চিন্তাৰে নিজকে স্বাৱলম্বী কৰি তুলিবলৈ এই প্ৰচেষ্টা হাতত লৈছে। তেওঁৰ পিতৃ-মাতৃ দুয়োজন পেচাত শিক্ষক,তথাপিও ছাত্র জীৱনৰ পৰা এটি প্ৰচেষ্টা নিজকে স্বাৱলম্বী হোৱাৰ । আপুনিও মস্তাকৰ পৰা ল’ব পাৰে প্ৰেৰণা । সমগ্র অঞ্চলৰ বাবে মস্তাক উঠি অহা চামৰ প্ৰেৰণাৰ অফুৰন্ত উৎস হৈ পৰিছে।এনে আদৰ্শ কেনেদৰে কেনেকৈ ? তেওঁৰ প্ৰিয় গুৰু বিশিষ্ট সাহিত্যিক,কবি ,অধ্যাপক ৰাজীৱ হুচেইনৰ অনুপ্ৰেৰণাৰ দ্বাৰা অনুপ্ৰাণিত হৈ অৰ্থবিজ্ঞান বিষয়ত মেজৰ সহ স্নাতক ডিগ্ৰী লৈ স্বাৱলম্বীৰ এক নিদৰ্শন দাঙি ধৰিব পাৰিছে বুলি আমাক জানিবলৈ দিছে। উল্লেখযোগ্য যে মাচৰুম বা কাঠফুলা এক সুস্বাদু খাদ্য, আপুনি সেৱন কৰিব বিচাৰিলে লংকা চহৰৰ এখন অভিজাত হোটেলত উপলব্ধ আছে, এবাৰ খাই চাব পাৰে, বহু ৰোগৰ ঔষধ হিচাপে কাঠফুলা ব্যৱহাৰ কৰা হয়। বৰ্তমান নিজ বাগিচাত নতুন কৈ বীজ সিঁচা হৈ আছে। লগতে তেওঁৰ নাৰ্চাৰীত বিভিন্ন প্ৰকাৰৰ ফুল, ফল, মূল্যবান গছ আদিৰ পুলিও আছে, যাৰ দ্বাৰা পৰিৱেশ সেউজীয়া কৰাৰ প্ৰচেষ্টা আৰু এই পুলি বিক্ৰী কৰি যথেষ্ট লাভৱান হোৱাৰ থল আছে বুলি জনা গৈছে । এনেধৰণৰ আদৰ্শ দেখুৱাইছে মস্তাক আহমেদে। তেওঁ কোনো চৰকাৰী সাহাৰ্য্য বৰ্তমানলৈকে গ্ৰহণ কৰা নাই, সম্পূৰ্ণ নিজ অৰ্থ প্ৰয়োগেৰে এয়া কৰিবলৈ সক্ষম হৈছে । আশাকৰোঁ ভৱিষ্যতৰ সময়ত তেওঁ আৰু আগুৱাই যাওক ।

Related posts

Leave a Comment