গাড়ীসহ দুৰ্ঘটনাত পতিত প্ৰতিষ্ঠিত ব্যৱসায়ী

Sharing is caring!

গাড়ীসহ দুৰ্ঘটনাত পতিত প্ৰতিষ্ঠিত ব্যৱসায়ী

◆কথমপি প্ৰাণৰক্ষা


অসম খবৰ@ বিহালী, ১১ জুলাই :- আজি পুৱা প্ৰায় ৬ মান বজাত বৰগাঙৰ প্ৰতিষ্ঠিত ব্যৱসায়ী জৈনুদ্দিন আনচাৰী নিজ গৃহৰ পৰা পুত্ৰসহ তেজপুৰ লৈ গৈ থকা অৱস্থাত বাঘমাৰীৰ সমীপৱৰ্তী নিউলাইনৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দ্ৰুতবেগী এখন ট্ৰাকে খুণ্ডা মৰাত জৈনুদ্দিন আনচাৰী পুত্ৰসহ আহত হয় । পিছফালৰ পৰা তীব্ৰবেগত খুণ্ডা মৰাৰ ফলত ঘাইপথৰ পৰা গৈ বাহঁনিত সোমাই পৰে । তেওঁ শৰীৰৰ কেইবাঠাইতো গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈ হোৱাত কেথলিক মিছন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত প্ৰাথমিক পৰ্যায়ৰ চিকিৎসাৰ অন্তত আঘাতৰ গুৰুত্ব বুজি তেজপুৰ মিৰ্দ্ধা হস্পিতালত ভৰ্তি কৰোৱা হয় ।

Related posts

Leave a Comment