ৰাজ্যসভাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ

Sharing is caring!

ৰাজ্যসভাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ


অসম খবৰ@(বি.কলিতা)ষ্টাফ ৰিপৰ্টৰ,গুৱাহাটী, ১২ জুলাইঃ-

ৰাজ্যসভাৰ দ্বাৰা লোৱা এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি চলিত মাহৰ ১৮ জুলাই পৰা ১০ আগষ্ট পৰ্যন্ত চলিবলগীয়া বৰ্ষাকালীন অধিবেশনত ৰাজ্যসভাৰ সংসদসমূহে নিজৰ নিজৰ মাতৃভাষাত মন্তব্য আগবঢ়াব পাৰিব। ৰাজ্যসভাই আগন্তুক অধিবেশনৰ বাবে আৰু নতুনকৈ ৫ টাকৈ ভাষা সংলগ্ন কৰিছে। এতিয়াৰে পৰা সিন্ধী, কাশ্মীৰী,ড’গৰী, কংকনী আৰু সংথলী এই ভাষাকেইটাত সংসদত মন্তব্য দিব পাৰিব বুলি ৰাজ্যসভাৰ অধ্যক্ষ মাননীয় ভেংকেয়া নাইডু ডাঙৰীয়াই ঘোষণা কৰে। তদুপৰি তেওঁ উল্লেখ কৰে যে, মাতৃভাষাই হৈছে নিজৰ নিজৰ মন্ত্যৱসমূহ দাঙি ধৰাৰ বাবে উত্তম তথা উপযুক্ত মাধ্যম। দেশৰ ২২টা ভাষাত ভাষণ দিয়াৰ উদ্দেশ্যে অনুবাদৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ নিজৰ মন্তব্যত প্ৰকাশ কৰে। উল্লেখ যে, ইয়াৰ পূৰ্বে ৰাজ্যসভাত অসমীয়া, হিন্দী, মাৰাঠী, ওড়িয়া,পঞ্জাৱী, বেংগলী, মালায়ালম, তামিল, তেলেগু, আদি ভাষাসমূহৰ বাবে অনুবাদৰ ব্যৱস্থা আছিল।

Related posts

Leave a Comment