চালানি মাছ নিষিদ্ধকৰণৰ পাছত হুৰাহুৰে বাঢ়িছে থলুৱা মাছৰ দাম

Sharing is caring!

চালানি মাছ নিষিদ্ধকৰণৰ পাছত হুৰাহুৰে বাঢ়িছে

থলুৱা মাছৰ দাম

◆ নীৰৱ  চৰকাৰ-প্ৰশাসন …


অসম খবৰ@(বি.কলিতা.)ষ্টাফ ৰিপৰ্টাৰ গুৱাহাটী,১৩ জুলাই:

ৰাজ্য চাৰকাৰ খনে চালানি মাছৰ ক্ষেত্ৰত কৰা নিষিদ্ধকৰণৰ পাছতেই মাছৰ বজাৰত থলুৱা মাছৰ দাম অকাশলঙ্ঘী হোৱা পৰিলক্ষিত হৈছে। বিষাক্ত ফৰ্মেলিনযুক্ত চালানি মাছৰ আমদানি বন্ধ কৰাৰ পাছত ৰাজ্যখনত থলুৱা মাছৰ দাম অভাৱনীয় হাৰত বৃদ্ধি পাইছে। চলিত মাহৰ ১১ জুলাইত ১০ দিনৰ বাবে চালানি মাছ নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল অসম চৰকাৰে। চৰকাৰৰ মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ মীন বিভাগে “ঘৰে-ঘৰে পুখুৰী, ঘৰে-ঘৰে মাছ” এই আঁচনি খনৰ বাবদ ধার্য্য পুঁজি আজি পৰ্যন্ত মুকলি কৰি দিয়া নহ’ল। যাৰ ফলস্বৰূপে ৰাজ্যৰ মীন বিভাগে পর্যাপ্ত পৰিমাণৰ মাছ উৎপাদন কৰাত ব্যৰ্থ হয়। ৰাজ্য চৰকাৰৰ এই ব্যৰ্থতাৰ বাবে বজাৰত এতিয়া থলুৱা মাছৰ দামত জুই লাগিছে। পৰিৱৰ্তনৰ ভুৱা শ্লোগান দি শাসনৰ গাদী দখল কৰা বি.জে.পি শাসিত ৰাজ্য চৰকাৰখনে থলুৱা মাছ সংৰক্ষণ তথা উৎপাদনৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ ফলতেই ৰাজ্যত থলুৱা মাছৰ অভাৱৰ পৰিণতিত আজি ৰাজ্যৰ জনসাধাৰনে বহিঃ ৰাজ্যৰ পৰা আমদানি কৰা ফাৰ্মলিনযুক্ত মাছ ক্ৰয় কৰিব লগা হৈছে। অতি দুখেৰে ক’ব লাগিব অসমৰ দৰে এখন নদ-নদী, খাল-বিলেৰে উভৈনদী হৈ থকা ৰাজ্যত আজি কাৰ অৱহেলাৰ পৰিণতিত এই পৰিস্থিতিৰ সৃষ্টি হৈছে ?

Related posts

Leave a Comment