দুৰ্নীতি নিবাৰক শাখাৰ জালত এইবাৰ যোৰহাট জিলাৰ ঔষধ পৰিদৰ্শক

Sharing is caring!

দুৰ্নীতি নিবাৰক শাখাৰ জালত এইবাৰ যোৰহাট জিলাৰ

ঔষধ পৰিদৰ্শক


অসম খবৰ@জাহিদুল ইছলাম,ষ্টাফ ৰিপৰ্টাৰ,গুৱাহাটী ১৩ জুলাই:-
যোৰহাট জিলাৰ ঔষধ পৰিদৰ্শক যুগল বৰুৱাক উৎকোচ লোৱাৰ অভিযোগত আজি দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰে। ঔষধ পৰিদৰ্শক যুগল বৰুৱাক ২০,০০০ হাজাৰ টকা উৎকোচ লওঁতে হাতে লোটে ধৰা পৰে ঔষধ পৰিদৰ্শক বৰুৱা , জানিব পৰা মতে, যোৰহাট জিলাৰ ঔষধ পৰিদৰ্শক যুগল বৰুৱাই ফাৰ্মাচিষ্ট এজনক উৎকোচ বিচাৰি পূৰ্বৰে পৰাই হাৰাশাস্তি কৰি আহিছিল সেই মৰ্মে ফাৰ্মাচিষ্টগৰাকীয়ে কাষ চাপে দুৰ্নীতি নিবাৰক শাখাৰ ওচৰত , ফাৰ্মাচিষ্টগৰাকীৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ এটা দল গুৱাহাটীৰ পৰা গৈ অভিযান চলাই যুগল বৰুৱাক গ্ৰেপ্তাৰ কৰে , দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই যোৰহাট জিলাখনৰ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ত অভিযান চলাই চৰাইদেউ জিলাৰ সাপেখাটীৰ বাসিন্দা যুগল বৰুৱাক গ্ৰেপ্তাৰ কৰে

Related posts

Leave a Comment