বহিঃৰাজ্যত নিৰ্যাতিত অসমীয়া মহিলা সাংবাদিক

Sharing is caring!

বহিঃৰাজ্যত নিৰ্যাতিত অসমীয়া মহিলা সাংবাদিক


অসম খবৰ@(বি.কলিতা) ষ্টাফ ৰিপৰ্টাৰ গুৱাহাটী, ১৪ জুলাই :- এইবাৰ বহিঃৰাজ্যৰ আৰক্ষীৰ দ্বাৰা অশালীন ব্যৱহাৰৰ অভিযোগ তুলিছে অসমীয়া মহিলা সাংবাদিক গৰাকীয়ে। উত্তৰপ্ৰদেশৰ গাজিবাদত আৰক্ষী প্ৰশাসনৰ দ্বাৰা অসমীয়া মহিলা সংবাদিকক অশালীন ব্যৱহাৰ। ঘটনাৰ বিবৃত্তি অনুসৰি, অনুজ্ঞাপত্ৰ নবীকৰণৰ বাবে মহিলা গৰাকীৰ বাসগৃহত সত্যতা নিৰূপনৰ বাবে উপস্থিত হোৱাৰ সময়তে মহিলা সাংবাদিক গৰাকীৰ সৈতে দুৰ্ব্যৱহাৰ কৰে উত্তৰপ্ৰদেশ আৰক্ষীত কৰ্মৰত আৰক্ষী দেৱেন্দ্ৰ সিং নামৰ বিষয়াজনে। উল্লেখ যে, মহিলা গৰাকীৰ প্ৰকৃত ঘৰ গুৱাহাটীত যদিও এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাতৰি কাকতৰ লগত জড়িত হোৱা হেতুকে কৰ্মসূত্ৰে মহিলা গৰাকী উত্তৰপ্ৰদেশৰ গাজিবাদত বসবাস কৰিছিল। বৃহস্পতিবাৰে দিনৰ প্ৰায় ১২:১০ বজাত অনুজ্ঞাপত্ৰৰ সত্যতা প্ৰমাণিত কৰিবৰ বাবে সাংবাদিক গৰাকীৰ লগতে তেওঁৰ পৰিয়ালবৰ্গৰ লগতো বিভিন্ন প্ৰশ্ন সোধা-পোছা কৰে আৰক্ষী বিষয়জনে। সাংবাদিক গৰাকীৰ প্ৰকৃত ঠিকনা গুৱাহাটী বুলি জ্ঞাত হোৱাৰ পাছতে আৰক্ষী বিষয়া গৰাকীৰ নিজৰ ব্যৱহাৰত পৰিৱৰ্তন ঘটনাৰ পৰিলক্ষিত হয়। আৰক্ষীজনে মহিলা গৰাকীৰ লগত আলিংগন কৰিব বিচাৰি, আৰক্ষীজনে নিজৰ দায়িত্ব পালন কৰাৰ বিনিময়ত মহিলা গৰাকীয়ে আৰক্ষী বিষয়া গৰাকীক কি দিব বুলি প্ৰশ্ন কৰে বুলিও সাংবাদিক গৰাকীয়ে তেওঁৰ মন্তব্যত প্ৰকাশ কৰে। এইখিনিতে সন্তুষ্ট নাথাকি আৰক্ষী বিষয়া গৰাকীয়ে পৰৱৰ্তী সময়ত কৰমর্দনৰ বাবে হাত আগবঢ়াই দি বলপূৰ্বকভাৱে মহিলা গৰাকীৰ লগত আলিংগন কৰে। জানিব পৰা মতে, সাংবাদিক মহিলা গিৰাকীয়ে এই ঘটনা সন্দৰ্ভত টুইট কৰি উত্তৰপ্ৰদেশ আৰক্ষীক অৱগত কৰাৰ পাছতে লম্পত আৰক্ষী দেৱেন্দ্ৰ সিংক নীলম্বন কৰিছে। তদুপৰি এই ঘটনা সন্দৰ্ভত ডিজিপি য়ে এক উচ্চ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰিছে। ৰুক্ষকে যেতিয়া ভক্ষক হয় তেতিয়া দেশ কোন দিশে ? আজিৰ সময়ত নাৰী কোনো দিশৰ পৰা পুৰুষতকৈ পিছ পৰি থকা নাই। তেনে এখন সমাজত আজিও নাৰী সুৰক্ষিত নহয় কিয় ? মানুহ শিক্ষিত হৈছে, কিন্তু জ্ঞান যেন হেৰুৱাই পেলাইছে। নাৰীৰ ওপৰত নির্যাতন, ধৰ্ষণ এতিয়া যেন তেনেই সহজ হৈ পৰিছে। এতিয়া প্ৰশ্ন হয় কোন দিশে আমাৰ সমাজ ? য’ত নিজ গৃহত সুৰক্ষিত নহয় মহিলা।

Related posts

Leave a Comment