চিৰাঙৰ বিজনী মাজৰাবাৰীত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

Sharing is caring!

চিৰাঙৰ বিজনী মাজৰাবাৰীত বৃহৎ পৰিমাণৰ চোৰাং কাঠ

জব্দ

◆ দুজনক গ্ৰেপ্তাৰ



অসম খবৰ @ বিজনী ১৪ জুলাইঃ-
চিৰাং জিলাৰ বিজনীত অব্যাহত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়। শনিবাৰে বন বিভাগ, আৰক্ষী আৰু এছ এছ বিয়ে বিজনীৰ মাজৰাবাৰীত অতৰ্কিতে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ বহু মূল্যবান চোৰাং কাঠৰ কুণ্ডা। জব্দকৃত চোৰাং কাঠখিনিৰ বজাৰ মূল্য দহ লক্ষাধিক টকাতকৈও অধিক হ’ব যদিও চৰকাৰী মূল্য হিচাপত ৭/৮ লাখ টকা হ’ব বুলি জনাইছে বন বিভাগৰ লোকে। ইফালে মাজৰাবাৰীৰ উক্ত স্থানতে অবৈধ ভাবে স্থাপন কৰা অবৈধ কাঠ ফলা মিল(মেচিন) এটা আছিল যদিও বন বিভাগৰ অভিযানৰ আগতীয়া সম্ভেদ পাই মিলৰ গৰাকী তথা চোৰাং কাঠ ব্যৱসায়ীয়ে আগতীয়াকৈ গোপন স্থানত স্থানান্তৰ কৰে। অতৰ্কিতে চলোৱা এই অভিযানত কমল শ্বেখ আৰু বাচিৰ উদ্দীন শ্বেখ নামৰ দুজন চোৰাং কাঠ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে বন বিভাগে।
উল্লেখ্য যে মানাস ৰাষ্ট্ৰীয় উদ্যানত বন ধ্বংস অভিযান আৰু বন বিভাগৰ নাকৰ আগেদি যে চোৰাং কাঠ ব্যৱসায়ীয়ে চোৰাং কাঠৰ সৰবৰাহ কৰে আজিৰ এই জব্দকৃত কাঠখিনিয়ে তাকেই প্ৰতিয়ন নিয়ে।

Related posts

Leave a Comment