গোলাঘাটত ব্যতিক্ৰমী প্ৰতিবাদেৰে আটাছুৰ প্ৰতিবাদী কাৰ্য্যসূচী

গোলাঘাটত বৰশী বোৱা প্ৰতিযোগিতাৰে এক ব্যতিক্ৰমী

প্ৰতিবাদেৰে আটাছুৰ প্ৰতিবাদী কাৰ্য্যসূচী । উদ্বোধক ড° হিমন্ত

বিশ্ব শৰ্মাই ( প্ৰতিকৃতি )


অসম খবৰ@ৰাইজৰ সংবাদ, গোলাঘাটঃ ১৪ জুলাইঃ ৰাজ্যজুৰি বিভিন্ন সময়ত বিভিন্ন ঠাইত জৰাজীৰ্ণ ৰাজপথৰ বাবে তীব্ৰ প্ৰতিবাদৰ জোৱাৰ উঠি থকাৰ সময়তে আজি গোলাঘাটত সদৌ তাই আহোম ছাত্ৰ সন্থা ( আটাছু )ৰ গোলাঘাট জিলা সমিতিয়ে ঐতিহাসিক ধোদৰ আলিত বৰশী বোৱা প্ৰতিযোগিতাৰে এক ব্যতিক্ৰমী প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে । আহাৰ প্ৰচণ্ড ৰ’দৰ উত্তাপকো কেৰেপ নকৰি জিলাখন জিলা সমিতিৰ লগতে নগৰ আঞ্চলিক সমিতিয়ে ঐতিহাসিক ধোদৰ আলিটো নিৰ্মান কৰিবলৈ একেমুখে দাবী জনায় । পূৰ্বৰে পৰা আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰখা আটাছুৰ গোলাঘাট জিলা সমিতিয়ে আজি গোলাঘাটৰ ঐতিহাসিক ধোদৰ আলিত সমবেত হৈ ৬০০বছৰীয়া আহোম ৰাজত্বত নিৰ্মাণ হোৱা আলিটোৰ হৈ থিয় দিবলৈ অংগীকাৰবদ্ধ হয় । বৰশী বোৱা প্ৰতিবাদী কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে ড° হিমন্ত বিশ্ব শৰ্মাই (প্ৰতিকৃতি) । প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা আটাছুৰ গোলাঘাট জিলা সমিতিৰ সভাপতি মানচাও কৃষ্ণ বৰুৱাই কয় – অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক কেতিয়াবাই এই পথটো ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীতকৰণৰ কৰিবলৈ প্ৰস্তাৱ আগবঢ়াইছিল, কিন্তু এইবোৰ আজিও কাৰ্যকৰী নহ’ল । ইফালে ধনশিৰি নদীৰ গৰাখহনীয়াই পথটোৰ বৃহৎ এছোৱাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে । ধোদৰ আলিৰ ধোদবোৰৰ দৰেই খাৰখোৱা, কানীয়া অসমীয়াৰ এইবোৰৰ প্ৰতি কাণসাৰ নাই । নিজৰ ঐতিহ্য, সম্পদ আৰু জাতীয় চেতনাৰ প্ৰতি শ্ৰদ্ধা, আনুগত্য আৰু কৰ্তব্য পাহৰি বৰ্তমানৰ কেন্দ্ৰীয় আৰু অসম চৰকাৰে নিজৰ নিজৰ ব্যক্তিগত স্বাৰ্থকহে প্ৰাধান্য দিবলৈ লৈছে । নিৰ্বাচনৰ সময়ত চলাহী কথাৰে অসমবাসীৰ সমৰ্থন আদায় কৰিছিল যদিও সেয়া কেতিয়াও হ’বলৈ নিদিওঁ । তেওঁ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু গঢ়কাপ্তানি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকো চোকা ভাষাৰে সমালোচনা কৰি অসম তথা অসমীয়াৰ পৰিপন্থী সিদ্ধান্ত গ্ৰহণ কৰিলে অসমৰ ইতিহাসে কোনো দিন ক্ষমা নকৰিব বুলি সকীয়াই দিয়ে । লগতে এই পথটো পুনৰ নিৰ্মাণ আৰু ৰাষ্ট্ৰীয় ঘাই পথলৈ উন্নীতকৰণৰ কৰিবলৈ অসম তথা কেন্দ্ৰীয় চৰকাৰ খনক দাবী জনায় । লক্ষণীয় যে অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে জৰাজীৰ্ণ পথ সমূহক লৈ জ্বলি উঠা জুইকুৰা শাম কটাৰ পৰিৱৰ্তে দপদপাই জ্বলিবলৈহে ধৰিছে আৰু প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সচেতন নাগৰিক সকলে স্বতঃস্ফূৰ্ত ভাবে ওলাই অহা পৰিলক্ষিত হৈছে ।

Related posts

Leave a Comment