দ্বিবাৰ্ষিক গীতৰ ‘কথা লিখা’ প্ৰতিযোগিতা সম্পন্ন

Sharing is caring!

দ্বিবাৰ্ষিক গীতৰ কথা লিখা প্ৰতিযোগিতা সম্পন্ন

‘দ্যা ফিউচাৰ মিউজিক অফ আসাম’ৰ উদ্যোগত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত ‘গীতৰ কথা লিখা’ প্ৰতিযোগিতা যোৱা 6 ফেব্ৰুৱাৰীৰ পৰা 6 মাৰ্চলৈ অনুষ্ঠিত হৈ যায়। অসমীয়া বিহু গীতৰ নিম্নমানৰ গীতৰ কথাংশৰ ওপৰত গুৰুত্ব আৰোপ কৰি দ্যা ফিউচাৰ মিউজিক অফ আসামৰ সদস্যসকলে নৱ প্ৰজন্মৰ প্ৰতিভাক আৰু উন্নতমানৰ গীতৰ কথা ৰাইজৰ আগত সংগীত আকাৰে দাঙি ধৰাৰ বাবে এই প্ৰচেষ্টা হাতত লৈছে । প্ৰতিযোগিতাখনিৰ ফলাফল যোৱা 12 জুলাইত ঘোষণা কৰা হয় । প্ৰতিযোগিতাখনিত স্থান লাভ কৰা বিজয়ীসকলৰ নাম ক্ৰমে – পাপলু চেতিয়া(প্ৰথম) , গীতৰ কথা – ‘চ’তৰে মলয়া(দ্বৈত কণ্ঠৰ বিহুসুৰীয়া গীত), লুতফা আখতাৰা (দ্বিতীয়) , গীতৰ কথা- ‘মইনাজান ঐ’। দয়াল শংকৰ(তৃতীয়), গীতৰ কথা- ‘সোন-পাহী’ । দ্যা ফিউচাৰ মিউজিক অফ আসামৰ সম্পাদিকা দীপশিখা বুঢ়াগোহাঁইয়ে জানিবলৈ দিয়া মতে স্থান লাভ কৰা প্ৰথম তিনিটা গীতৰ কথা সংগীত আকাৰে সুন্দৰ ভাবে নিৰ্মাণ কৰি অতি কম দিনৰ ভিতৰতে সংগীত প্ৰেমি ৰাইজৰ মাজলৈ আগবঢ়াই দিয়া হ’ব আৰু এই বিজয়ীসকলক অসমৰ সংগীত জগতখনত এখন উপযুক্ত মঞ্চ দিবলৈ সম্পূৰ্ণ চেষ্টা কৰা হ’ব বুলি প্ৰকাশ কৰিছে বিষয়ববীয়া সকলে । উল্লেখ প্ৰতিযোগিতাখনত প্ৰায় তিনি শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল ।

Related posts

Leave a Comment