নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ডিমাপুৰত গৰজি উঠিল মানৱাধিকাৰ সংগঠন

Sharing is caring!

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ডিমাপুৰত গৰজি উঠিল মানৱাধিকাৰ সংগঠন

ডিমাপুৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে একত্ৰিত হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ মানৱ অধিকাৰ সংগঠন আৰু নাগৰিক সমাজ। আজি এই উদ্দেশ্যে ডিমাপুৰৰ ছাৰামতী হোটেলত অনুষ্ঠিত প্ৰতিবাদী সভাত মানৱ অধিকাৰ সংগঠনসমূহ আৰু বিভিন্ন পৰ্যায়ৰ সচেতন নাগৰিক সমাজে প্ৰস্তাৱিত বিধেয়কখনৰ বিষয়বস্তু আৰু ইয়াৰ ফলত পৰিব পৰা প্ৰভাৱ সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰে। লগতে প্ৰস্তাৱিত বিধেয়কখন অঞ্চলটোৰ খিলঞ্জীয়া লোকসকলৰ অস্তিত্ব, ভূমি আৰু ভৱিষ্যতৰ প্ৰতি চৰম ভাবুকি বুলিও সকলোৱে মত পোষণ কৰে। সেয়েহে এনেধৰণৰ সাম্প্ৰদায়িক, অসাংবিধানিক আৰু খিলঞ্জীয়াবিৰোধী বিধেয়কখন কোনোপধ্যে ৰূপায়ণ কৰিব দিয়া নহ’ব বুলি প্ৰস্তাৱ গ্ৰহণ কৰা হয়। নৰ্থ-ইষ্টাৰ্ন ষ্টেট কনক্লেভ অব হিউমেন ৰাইটছ এণ্ড চিভিল ছ’চাইটী অৰ্গেনাইজেচনৰ বেনাৰত একত্ৰিত হোৱা উত্তৰ-পূবৰ পাঁচখন ৰাজ্যৰ প্ৰতিনিধিবৰ্গই এই আইনখনৰ বিৰোধিতাৰে আন বহুকেইটা প্ৰস্তাৱো গ্ৰহণ কৰে। উল্লেখ্য যে এই বৈঠকত অসমৰ হৈ প্ৰতিনিধিত্ব কৰে লাচিত বৰদলৈ আৰু অনুপ চেতিয়াই।

courtesy@http://http;//www.newsasn.com

Related posts

Leave a Comment