দেশৰ আগশাৰীৰ চিকিৎসকৰ দ্বাৰা চানমাৰিত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

Sharing is caring!

দেশৰ আগশাৰীৰ চিকিৎসকৰ দ্বাৰা চানমাৰিত বিনামূলীয়া স্বাস্থ্য

পৰীক্ষা শিবিৰ


ডিজিটেল ডেস্ক,গুৱাহাটীঃ- আজি দিনযোৰা কাৰ্যসূচীৰে চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হয় এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ। অটল অমৃত অভিযানৰ উদ্যোগত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, অসম চৰকাৰৰ সহযোগত পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ এই শিবিৰ অনুষ্ঠিত হয়। উক্ত স্বাস্থ্য পৰীক্ষা শিবিৰত বৃক্কজনিত ৰোগ, হৃদৰোগ, স্নায়বিক ৰোগ, নৱজাতকৰ ৰোগ, কৰ্কট ৰোগ, জুয়ে পোৰা আদি বিভিন্ন ৰোগৰ চিকিৎসা দেশৰ কেইবাখনো আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠানৰ অভিজ্ঞ চিকিৎসকৰ দ্বৰা আগবঢ়োৱা হয়। আজিৰ এই স্বাস্থ্য পৰীক্ষা শিবিৰত উপস্থিত থকা উল্লখযোগ্য চিকিৎসা প্ৰতিষ্ঠানকেইটাৰ ভিতৰত আৰ্টেমিছ, গুড়গাঁও, বি এম বিৰলা হাৰ্ট ৰিছাৰ্চ চেণ্টাৰ, কলকাতা, এক্সেলকেয়াৰ হস্পিটেল, গুৱাহাটী, নাৰায়ণা ছুপাৰ স্পেচিয়েলিটী হস্পিটেল, গুৱাহাটী, পীয়াৰলেচ হস্পিটেল, কলকাতা, ৰুবী জেনেৰেল হস্পিটেল, কলকাতা অন্যতম। মূলতঃ নিম্ন আয় তথা বি পি এল শ্ৰেণীৰ লোকক এই চিকিৎসা সেৱা বিনামূলীয়াকৈ আগবঢ়োৱা হয়। উল্লেখ্য যে আজিৰ স্বাস্থ্য পৰীক্ষা শিবিৰত প্ৰতিটো বিভাগত গড়ে প্ৰায় ২৫০জনকৈ ৰোগীয়ে চিকিৎসা সেৱা গ্ৰহণ কৰে। courtesy@http://www.newsasn.com

Related posts

Leave a Comment