লতিবাৰী, পাকৰিবাৰী আৰু ইক্ৰাজুলী ৰ সৌজন্যত প্ৰাইজমাণি ক্ৰিকেট খেলৰ সামৰণি

Sharing is caring!

লতিবাৰী, পাকৰিবাৰী আৰু ইক্ৰাজুলী ৰ সৌজন্যত প্ৰাইজমাণি ক্ৰিকেট খেলৰ সামৰণি

লতিবাৰী, পাকৰিবাৰী আৰু ইক্ৰাজুলীৰ সৌজন্যত আয়োজিত প্ৰাইজমাণি ক্ৰিকেট খেলৰ সামৰণি

  • মেন অফ দা মেচ কিশোৰ লিম্বুলৈ (কালিপুৰ, L.P.E.)             

 অসম খবৰ@কুমাৰীকাটা: ৬ মে : তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাৰ লতিবাৰী, পাকৰিবাৰী এম.ই.স্কুল খেল পথাৰত ১এপ্ৰিল ২০১৮ ইং তাৰিখৰ পৰা আৰম্ভ হোৱা প্ৰাইজমাণি ক্ৰিকেট খেলৰ আজি সামৰণি পৰে। 
উক্ত খেলত বিভিন্ন ঠাইৰ পৰা খেলুৱৈ সকল আহি খেল প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল বুলি ক্ৰিকেট খেল প্ৰতিযোগিতাৰ সভাপতি শ্ৰী নেৰচন বসুমতাৰী, শংকৰ ঘিমিৰে আৰু সম্পদক শ্ৰী নেত্ৰকুমাৰ ঘিমিৰে আৰু লক্ষ্মন তিৱাৰীয়ে জানিবলৈ দিয়ে।
উল্লেখ্য যে আজিৰ ফাইনেল খেলখন KUMARIKATA NEW ELEVEN আৰু L.P.E ৰ মাজত হয়। KUMARIKATA NEW ELEVEN এ টচ জিকি fielding কৰে । L.P.E দলে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত অভাৰত ১১০ ৰাণ কৰে আৰু Kumarikata new eleven এ অন্তিম অভাৰত আটাইকেইটা Wicket হেৰুৱাই ৯৫ ৰাণ হে কৰিবলৈ সক্ষম হয়। উক্ত খেলত মেন অফ দা মেচ কিশোৰ লিম্বু (কালিপুৰ, L.P.E.), মেন অফ দা চিৰিজ কৃষ্ণ সিং (KUMARIKATA NEW ELEVEN) আৰু Best fileder (অভিশেষ মগৰ, L.P.E.) ক দিয়া হয়। উক্ত খেল খন পৰিচালনা কৰে হুকুম তিমচিনা আৰু ধীৰজ উপাধ্যায় এ।
উক্ত খেলত মুখ্য অতিথি হিচাবে Kumarikata New eleven দলৰ Meneger ৰমজান আলী আনচাৰি ক ও আমন্ত্ৰিত কৰি অনা হৈছিল।

Related posts