আজি বিশ্ব ফুটবলৰ মহাৰণ

Sharing is caring!

ফ্ৰান্স নে ক্ৰ’ৱেচিয়া ? আজি বিশ্ব ফুটবলৰ মহাযুদ্ধ।অধীৰ অপেক্ষাত বিশ্বৰ ফুটবলপ্ৰেমী।৪৫লাখ জনসংখ্যাৰ দেশ ক্ৰ’ৱেচিয়া।যুদ্ধৰ মাজত থকা এই সৰু দেশখনে এইবাৰ যুদ্ধত নামিছে খেলপথাৰত।বিশ্বৰ ফুটবলপ্ৰেমীৰ আৱেগ নিজৰ পক্ষত নিবলৈ সক্ষম হৈছে ক্ৰ’ৱেচিয়াৰ দলে। ক্ৰ’ৱেচিয়াৰ বাবে এই সুযোগ দুবাৰ নাহে। ফুটবলৰ সকলো কৌশল প্ৰয়োগ কৰিব ক্ৰ’ৱেচিয়াই। লক্ষ্য চেম্পিয়ন হোৱাৰ। বিশ্বকাপ নিজৰ ভূমিলৈ নিব লাগিব। ফ্ৰান্স নি:সন্দেহে শক্তিশালী।প্ৰতিখন মেচতে ফ্ৰান্সে অতি উন্নত খেল প্ৰৰ্দশন কৰি আহিছে।ক্ৰ’ৱেচিয়া দলক উৎসাহিত কৰিবলৈ ৰাছিয়াতে আছে দেশৰ ৰাষ্ট্ৰপতি গৰাকী। নিশা ৮.৩০ বজালৈ সকলোৰে অধীৰ অপেক্ষা-কাৰ শিৰত জিলিকিব বিশ্ব চেম্পিয়নৰ মুকুট !

Related posts

Leave a Comment