১৯ জন ACS ৰাজপত্ৰিত বিষয়ালৈ চমন

Sharing is caring!

১৯ জন ACS ৰাজপত্ৰিত বিষয়ালৈ চমন

 

পুনৰ ১৯জন ৰাজপত্ৰিত বিষয়ালৈ চমন ডিব্ৰুগড় আৰক্ষীৰ। ১৮ জুলাইত কাহিলিপাৰাৰ আৰক্ষীৰ বিশেষ শাখাত হস্তাক্ষৰৰ পৰীক্ষা দিব লাগিব বিষয়াকেইজনে। ২০১৬ চনত নিযুক্তি লাভ কৰিছিল বিষয়াকেইজনে। ৰাকেশ পালক উৎকোচ দি চাকৰি লোৱাৰ সন্দেহত হস্তাক্ষৰৰ নমুনা সংগ্ৰহ কৰিব তদন্তকাৰী আৰক্ষীয়ে। চমন জাৰি কৰা বিষয়াসকলৰ ভিতৰত আছে ১৩জন ACS, ৩জন APS আৰু এজনকৈ DTO, কৰ অধীক্ষক আৰু কৰ পৰিদৰ্শক। চমন জাৰি কৰা বিষয়াকেইগৰাকী হ’ল ক্ৰমে ACS বিষয়া উৎপল ভূঞা, বৰ্ণালী দাস, সুশোভন দাস, ধ্ৰুৱজ্যোতি চক্ৰৱৰ্তী, মঞ্জুৰ ইলাহী লস্কৰ, মুন মজুমদাৰ, মণিকা টেৰনপী, মুস্তাফা আহমেদ বৰভূঞা, মহম্মদ ছাইবুৰ ৰহমান বৰভূঞা, গণেশ চন্দ্ৰ দাস, শ্ৰাৱন্তী সেন গুপ্তা, দীক্ষিতা ফুকন, আৰু লীনা কৃষ্ণ কাকতি। চমন জাৰি কৰা হৈছে APS বিষয়া গুলছন দাউলাগাপু, পল্লৱী শৰ্মা আৰু ভাৰ্গৱ ফুকনক। ইয়াৰ উপৰিও জিলা পৰিবহণ বিষয়া সুৰঞ্জিতা হাজৰিকা, কৰ অধীক্ষক ঋতুৰাজ নেওগ আৰু কৰ পৰিদৰ্শক নিপন কুমাৰ পাঠকলৈও চমন জাৰি কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে।

লক্ষ্যণীয়ভাৱে চমন জাৰি কৰা APS বিষয়া পল্লৱী শৰ্মা তেজপুৰৰ সাংসদ আৰ পি শৰ্মাৰ জীয়ৰী। বৰ্তমান শিৱসাগৰৰ প্ৰভিজনেল আৰক্ষী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে পল্লৱীয়ে।

Related posts

Leave a Comment