বৰগাংত স্মাইল ডেণ্টেল শুভ-উদ্বোধন

Sharing is caring!

                                                                                                                অসম খবৰ@ বৰগাং পৰা অভিষেক বৰুৱা ৰিপৰ্ট, ৪ মে 
আজি বিহালী সমষ্টিবাসী ৰাইজৰ মূখত হাঁহি বিৰিঙাই বৰগাংত এখন “স্মাইল ডেণ্টেল কেয়াৰ ” নামৰ দন্ত চিকিৎসা প্ৰতিষ্ঠান মুকলি কৰা কৰে । নৱনিৰ্মিত বৰগাং মছজিদৰ বাণিজ্যিক চৌহদত ডেণ্টেল কেয়াৰ খনৰ ফিটা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰে বিশ্বনাথ মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া বিহালীৰ খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ ডাঃ জে,চি,বেই। স্মাইল ডেণ্টেল কেয়াৰ’ৰ দন্ত চিকিৎসক ডাঃ বেনাজিৰ আলমৰ কঁকাক বৰগাংৰ বিশিষ্ট সমাজ কৰ্মী আলহাজ মোবাৰক হুছেইন বক্তব্য ৰাখি নিজৰ অনুভৱ প্ৰকাশ কৰি নাতিনীয়েক ডাঃ বেনাজিৰ আলমক আকোঁৱালি লৈ আবেগত উচুপি উঠে আৰু ডাঃ বেনাজিৰ আলমেও নিজৰ বক্তব্যত কঁকাক ৰ লগতে পিতৃ মহবুব আলম, মাতৃ নুৰনিচা আলম, খুৰাক মজৰুহ আলমে যুগুৱা প্ৰেৰণাৰ কথা অকগটে স্বীকাৰ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে। ডাঃ বেনাজিয়ে আইতাক প্ৰয়াত মদিনা বেগমকো শ্ৰদ্ধাৰে সোঁৱৰে। উল্লেখযোগ্য যে বৰগাংৰ জীয়ৰী ডাঃ বেনাজিয়ে আই,টি,এচ, ডেণ্টেল কলেজ এণ্ড ৰিছাছত ৫ বছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰি ডিগ্ৰী লৈ আহি বিহালীবাসী ৰাইজক সেৱা কৰাৰ উদ্দেশ্যে স্বাধীন ভাৱে কাম কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰে। অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন শিক্ষক ইন্দ্ৰেশ্বৰ কটকী,শংকৰ ঘটক, জৈউদ্দিন আনচাৰি, আব্দুল চামাদ,আব্দুল ৰহমান শ্বেখ, আজাদ আনছাৰী,সদান্দ বৰা জ্যেষ্ঠ সাংবাদিক অমিতাভ বৰুৱা , যুৱ সাংবাদিক শ্ৰীমন্ত দাস , ত্ৰিদিপ দাস, অভিষেক বৰুৱা আদি কৰি বহু গন্য মাণ্য লোক উপস্থিত থাকি বক্তব্য আগবঢ়াই ।

Related posts