নৰ্থ- ইষ্ট ডিভা ২০১৮ ত উজলিল জামুগুৰিহাটৰ জীয়ৰী

Sharing is caring!

নৰ্থ- ইষ্ট ডিভা ২০১৮ ত উজলিল জামুগুৰিহাটৰ জীয়ৰী

অসম খবৰ@মৃন্ময় শইকীয়া,জামুগুৰিহাট ,১৪ জুলাই : গুৱাহাটীত অনুষ্ঠিত নৰ্থ – ইষ্ট ডিভা ২০১৮ ত অসমৰ লগতে জামুগুৰিহাটলৈ গৌৰৱ কঢ়িয়াই আনিলে শোণিতপুৰ জিলাৰ ন-দুৱাৰ ,অন্তৰ্গত জামুগুৰিহাটৰ ধলাইবিল অঞ্চলৰ মহেশ্বৰ শইকীয়া আৰু চন্দনা শইকীয়াৰ জীয়ৰী নয়না শইকীয়াই । তেওঁ দ্বিতীয় ৰানাৰ্চ আপ হিচাপে সফলতাৰ জখলা বগাইছে ৷ নয়না শইকীয়াৰ কষ্ট আৰু একাগ্ৰতাৰ ফলত আৰু তেওঁৰ এই বৃহৎ সাফলতাক সমূহ অসমবাসীৰ লগতে জামুগুৰিহাটবাসী ৰাইজে শলাগ লোৱাৰ উপৰিও উজ্জ্বল ভৱিষ্যত কামনা কৰিছে ৷ সংস্কৃতিৰ কেন্দ্ৰবিন্দু স্বৰূপ বৰ্তমান জামুগুৰিহাটৰ উঠি প্ৰতিজন নৱপ্ৰজন্মই নিজৰ সুপ্ত প্ৰতিভাৰ জৰিয়তে নিজৰ নাম বিশ্ব দৰবাৰত জিলিকাবলৈ সক্ষম হৈছে ৷

Related posts

Leave a Comment