ধৰ্মপ্ৰাণ ব্যক্তি দুৰ্গা প্ৰসাদ উপাধ্যায় (অধিকাৰী) ৰ মৃত্যুত শোকৰ ছাঁ

Sharing is caring!

ধৰ্মপ্ৰাণ ব্যক্তি দুৰ্গা প্ৰসাদ উপাধ্যায় (অধিকাৰী)ৰ মৃত্যু

ধৰ্মপ্ৰাণ ব্যক্তি দুৰ্গা প্ৰসাদ উপাধ্যায় (অধিকাৰী) ৰ মৃত্যুত শোকৰ ছাঁ

অসম খবৰLive@কুমাৰীকাটা: ৩০ এপ্ৰিল: ধীৰজ উপাধ্যায়: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা লতিবাৰী নিবাসী বিশিষ্ট সমাজসেৱক তথা ধৰ্মপ্ৰাণ ব্যক্তি দুৰ্গা প্ৰসাদ উপাধ্যায়ৰ আজি পুৱতি নিশা ৩.৩০ বজাত পৰলোকগামী হয় ।

জানিব পৰা মতে তেখেত বিগত কেইমাহমান ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল আৰু পৰিয়ালে বহু চিকিৎসা কৰাৰ পিছতো তেখেতক সুস্থ কৰি তুলিব পৰা নাছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স ৯৫ বছৰ হৈছিল আৰু তিনিগৰাকী পুত্ৰ,বোৱাৰী, নাতি-নাতিনী আৰু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায়। বিশিষ্ট ধৰ্মপ্ৰাণ ব্যক্তিগৰাকীৰ মৃত্যুত সমগ্ৰ তামুলপুৰ মহকুমাতে শোকৰ ছাঁ পৰিছে।

Related posts